ISHAN NEWS – Always One Step Ahead of Time…

মাৰাঠা সংৰক্ষণক কেন্দ্ৰকৰি মহাৰাষ্ট্ৰত হিংসাত্মক ঘটনা । প্রতিবাদকাৰীয়ে জ্বলালে বিধায়কৰ বাসগৃহ ।

0 158

চলিত বৰ্ষৰ আগষ্টমাহৰ পৰা মহাৰাষ্ট্ৰত চলি থকা মাৰাঠা সংৰক্ষণৰ দাবীয়ে হিংসাত্মকৰূপ ধাৰণ কৰিছে। সংৰক্ষণৰ দাবীত ওলাই অহা শ শ লোকে সোমবাৰে বিডৰ মাজালগাঁৱত এন চি পিৰ অজিত পাৱাৰ গোটৰ বিধায়ক প্ৰকাশ চোলাঙ্কিৰ বাসগৃহ আৰু কাৰ্যালয়ক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। প্ৰতিবাদকাৰী সকলে কেইবাখনো বাইক আৰু গাড়ীৰ লগতে বিধায়ক গৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰে ।


উল্লেখযোগ্য যে এনচিপিৰ বিধায়ক প্ৰকাশ চোলাঙ্কিৰ এটা ভাইৰেল ভিডিঅ’ত মাৰাঠা সংৰক্ষণৰ দাবী সমৰ্থনকাৰী নেতা মনোজ জাৰাঞ্জেৰ বিৰুদ্ধে বক্তব্য মন্তব্য আগবঢ়াইছিল । আজি সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত এই ভিডিঅটোৱেই প্রভাৱ পেলাইছে বুলি একাংশই চৰ্চা কৰিছে ।

মাৰাঠা সংসৰক্ষণৰ দাবীত ১১ দিনত ১৩ জন প্রতিবাদকাৰীয়ে আত্মহত্যা কৰিছে । প্রতিবাদকাৰীৰ দাবী পদত্যাগ কৰক শিৱসেনাৰ সাংসদে ।মাৰাঠা সংৰক্ষণৰ সমৰ্থনত, শিৱসেনাৰ হিঙ্গোলীৰ শিন্দে গোটৰ সাংসদ হেমন্ত পাটিলে ইতিমধ্যে পদত্যাগ কৰিছে। কিন্তু সাংসদ গৰাকীৰ পদত্যাগপত্ৰ এতিয়াও লোকসভাৰ অধ্যক্ষৰ হাতত পৰাগৈ নাই বুলি বাতৰি প্রকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ।

Leave A Reply

Your email address will not be published.