ফোনত এলাৰ্ট বজায় কিহৰ আখৰা চলাইছে চৰকাৰে ? ভয় নাখাব ! ভৱিষ্যতে এলাৰ্ট বাজিলে সাৱধান হ’ব ।
আপোনাৰ ফোনত আজি হথাৎ এলাৰ্ট বাজিছে নেকি ? এই এলাৰ্টৰ বাবে আপুনি ভয় খাইছে নেকি ?
এই এলাৰ্টৰ বাবে আপুনি ভয় খোৱাৰ কোনো প্রয়োজন নাই । এয়া আপোনাক সাৱধান কৰাৰ আখৰা । এই আখৰা চলাইছে চৰকাৰে ।
এয়া হৈছে ভাৰত চৰকাৰৰ দুৰ সংযোগ বিভাগে প্ৰেৰণ কৰা এটা নমুনা পৰীক্ষা বাৰ্তা । জৰুৰীকালীন অৱস্থাত জনসাধাৰণক সময়মতে সতৰ্ক কৰিবলৈ এলাৰ্ট চিষ্টেমৰ পৰীক্ষা কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ।
Cell ব্ৰডকাষ্ট এলাৰ্টৰ জৰিয়তে যি কোনো জৰুৰী অৱস্থাত সতৰ্ক কৰি তুলিব পাৰি দেশৰ জনসাধাৰণক । আজি ভাৰত চৰকাৰে মোবাইলত এলাৰ্ট মেছেজ প্ৰেৰণ কৰি আখৰা চলাইছে ।
বিশ্বৰ বিভিন্ন দেশত এনেধৰণৰ মোবাইল এলাৰ্টৰ জৰিয়তে জৰুৰীকালীন সময়ত সতৰ্ক কৰি তোলে দেশৰ জনসাধাৰণক । প্রাকৃতিক দুৰ্যোগ, যুদ্ধ বা আন কোনো বিপদজনক পৰিস্থিতিত ভৱিষ্যতে আপোনাক সতৰ্ক কৰি দিব এনেধৰণৰ মোবাইল এলাৰ্টৰ জৰিয়তে ।
ইজৰাইলত শত্রুৱে মিছাইল বা আন অস্ত্রৰে আক্রমণ চলোৱাৰ সময়ত জনসাধাৰণক সতৰ্ক কৰি দিয়ে মোবাইল এলাৰ্টৰ জৰিয়তে । যাতে জনসাধাৰণে নিৰাপদ স্থানত আশ্ৰয় ল’ব পাৰে।