ISHAN NEWS – Always One Step Ahead of Time…

২নবেম্বৰত গ্ৰেপ্তাৰ কৰিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক । সংবাদ মেলত ক’লে দিল্লীৰ মন্ত্রী আতিশীয়ে ।

0 236

দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল চৰকাৰৰ মন্ত্রী তথা আম আদমি পাৰ্টিৰ নেত্রী আতিশীয়ে আজি সংবাদমেল সম্বোধন কৰি কয় যে, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক ২ নবেম্বৰত গ্ৰেপ্তাৰ কৰিব ED য়ে । ED য়ে আৱকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সোধা-পোছাৰ বাবে অৰবিন্দ কেজৰিৱাললৈ জাননী প্ৰেৰণ কৰিছে । ED য়ে ২ নবেম্বৰত এই সন্দৰ্ভত সোধা-পোছা কৰিব কেজৰিৱালক । আতিশীয়ে সংবাদমেলত কয় যে , বিভিন্ন স্থানৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এইটো কথা স্পষ্ট হৈছে যে, ২ নবেম্বৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । বিজেপি আৰু প্রধানমন্ত্রী মোদীয়ে আম আদমী পাৰ্টিক ধ্বংস কৰিব বিচাৰিছে ।

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি আতিশীয়ে কয় যে , প্রধানমন্ত্রী মোদীয়ে অৰবিন্দ কেজৰিৱাললৈ ভয় কৰে সেইকাৰণে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে । আতীশীয়ে লগতে ক যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিজয়ৰ ৰথ কেজৰিৱালেহে ৰোধ কৰিব পাৰিব । এম চি ডি ৰ নিৰ্বাচনতো বিজেপিয়ে বিভিন্ন কৌশল অৱলম্বন কৰাৰ পাছতো দিল্লীৰ জনসাধাৰণে তাৰ উপযুক্ত উত্তৰ দিছিল । আপৰ সকলো শীৰ্ষ নেতাক জেলত ভৰোৱাৰ অৰ্থ হ’ল আপক ধ্বংস কৰা । কেজৰিৱালৰ পাছত বিজেপি চৰকাৰৰ পৰৱৰ্তী লক্ষ্য হ’ব হেমন্ত ছোৰেন , তেজস্বী যাদৱ , পিন্নাৰায়ী বিজয়ন আৰু এম, কে, ষ্টেলিন । যি সকল নিৰ্বাচনত জয় লাভ কৰাৰ সম্ভাৱনা আছে সেইসকলক কাৰাগাৰালৈ নিক্ষেপ কৰিব । তেওঁলোকক জেলত ভৰাই দিলেই কণ্টক মুক্ত হ’ব বিজেপি । বিজেপিৰ বাবে নাথাকিব প্রত্যাহ্বান ।

Leave A Reply

Your email address will not be published.