ভাৰত – বাংলাদেশৰ যুটিয়া প্রকল্প উদ্বোধন। ISHAN NEWS…
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই আজি ভাৰত আৰু বাংলাদেশৰ তিনিটা যুটীয়া প্ৰকল্প উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বুধবাৰে খুলনাৰ ফুলতলাৰ পৰা মঙ্গলা বন্দৰ, আখাউৰা সীমান্তৰ পৰা আগৰতলা ৰে’ললাইন আৰু বাংলাদেশৰ সৰ্ববৃহৎ তাপ বিদ্যুৎ প্ৰকল্প ‘মৈত্ৰী’ৰ দুই নম্বৰ একক সংযোগী ৰে’লপথটো ভাৰ্চুৱেলী উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মোদীয়ে কয় যে , ভাৰতে বাংলাদেশক বিশ্বস্ত বন্ধু হিচাপে গণ্য কৰি আহিছে । হাছিনাৰ সৈতে তিনিটা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত প্রধানমন্ত্রী মোদীয়ে কয় যে, “আমি পুনৰ উন্নয়নমূলক কাৰ্যসূচীত সহযোগিতা কৰিবলৈ সক্ষম হোৱাটো সুখৰ বিষয়। আনহাতে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনাইও ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দিয়া ভাষণত দ্বিপাক্ষিক সহযোগিতাক দৃঢ় কৰাৰ কথা উল্লেখ কৰে ।
৬৫ কিলোমিটাৰ দৈৰ্ঘৰ ফুলতলা-মঙ্গলা আৰু ১৫ কিলোমিটাৰ দৈৰ্ঘৰ আখাউৰা-আগৰতলা ৰে’লপথ মুকলি হোৱাৰ লগে লগে কলকাতাৰ পৰা উত্তৰ-পূব ভাৰতলৈ মালবাহী ৰেলৰ চলাচল যথেষ্ট পৰিমাণে বৃদ্ধি পাব। ২০১৩ চনৰ ১৬ ফেব্ৰুৱাৰীত আখাউৰা-আগৰতলা ৰে’ল সংযোগ স্থাপনৰ বাবে মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ডো-বাংলাদেশ মৌ চুক্তি স্বাক্ষৰিত হৈছিল। প্ৰথমতে, তিনি বছৰৰ ভিতৰত ১৫ কিলোমিটাৰ ৰেলপথ নিৰ্মাণ কৰাৰ কথা আছিল, কিন্তু ২০১৪ চনত দিল্লীত ক্ষমতা সলনি হোৱাৰ পিছত, কামৰ গতি হ্ৰাস পোৱাৰ অভিযোগ উঠিছিল।