বিশ্বকাপত সমস্যাই লগ এৰা নাই নিউজিলেণ্ডৰ! এইবাৰ দলৰ পৰা বাহিৰ এইগৰাকী বলাৰ.. ISHAN NEWS…
চলিত বিশ্বকাপত সমস্যাই লগ এৰা দিয়া নাই নিউজিলেণ্ডক। এজনৰ পিছত আন এজন খেলুৱৈৰ আঘাতে দলটোক সংকটৰ দিশে ঠেলি দিছে।
কেন উইলিয়ামছন, লকি ফাৰ্গুচন, মাৰ্ক চেপমেন আৰু জিমি নিছামৰ পিছত এইবাৰ আঘাতপ্ৰাপ্ত হৈছে মেট হেনৰী।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আঘাতপ্ৰাপ্ত হৈছিল হেনৰী। হেমষ্ট্ৰিং আঘাতৰ বাবে এতিয়া তেওঁ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’বলগীয়া হৈছে।
সুস্থ হৈ উঠিবলৈ হেনৰীক প্ৰায় ২ৰ পৰা ৪ সপ্তাহ সময়ৰ প্ৰয়োজন হ’ব আৰু সেয়ে তেওঁৰ ঠাইত কাইল জেমিছনক দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে।
নিউজিলেণ্ডৰ প্ৰশিক্ষক গেৰী ষ্টেডে কয় যে হেনৰী ২০২৩ বিশ্বকাপৰ পৰা বাহিৰ হোৱাত সমগ্ৰ দলটো হতাশ হৈছে।
তেওঁ কয়, ‘মেট দীৰ্ঘদিনৰ পৰা আমাৰ এদিনীয়া দলৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু এই প্ৰতিযোগিতাখনৰ শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়ত তেওঁ বাহিৰ হোৱাটো অতি হতাশাজনক। যোৱা কেইবছৰমানৰ পৰা তেওঁ আই চি চিৰ শীৰ্ষ ১০ বলাৰৰ ভিতৰত আছে, যিটো তেওঁৰ ক্লাছ আৰু দক্ষতাৰ প্ৰমাণ।‘
ইফালে বৃহস্পতিবাৰে নিশা বেংগালুৰুত উপস্থিত হৈছে জেমিছন। আজি অৰ্থাৎ শুকুৰবাৰে দলৰ সৈতে প্ৰশিক্ষণ লোৱাৰ সম্ভাৱনাও আছে।
উল্লেখ্য যে, বিশ্বকাপ ২০২৩ৰ পইণ্ট তালিকাত ৭খন খেলৰ ভিতৰত ৪খন খেলত জয়লাভ কৰি ৮ পইণ্টেৰে চতুৰ্থ স্থানত আছে নিউজিলেণ্ড।
প্ৰতিযোগিতাখনত দলটোৰ আৰম্ভণি ভাল আছিল যদিও বিগত তিনিখন মেচত পৰাস্ত হোৱা বাবে সম্প্ৰতি চাপত থকা দেখা গৈছে নিউজিলেণ্ডক।
আৰম্ভণিৰ প্ৰদৰ্শন দেখি ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীয়ে নিউজিলেণ্ড দলটো সহজেই ছেমিফাইনেলত প্ৰৱেশ কৰিব বুলি ধাৰণা কৰিছিল। কিন্তু এতিয়া ছেমি ফাইনেলত প্ৰৱেশৰ পথ কঠিন।