ISHAN NEWS – Always One Step Ahead of Time…

ভূটানৰ ৰজা আহিছে অসমলৈ । ৰজাৰ কথা , বিয়া ইত্যাদি । ISHAN NEWS…

0 8,164

তিনিদিনীয়া ভ্ৰমণসূচিৰে সপৰিয়ালে অসমলৈ আহিছে ভুটানৰ নৃপতি জিগমে খেছাৰ ন্যামগেল ৱাংচুক । ভূটানৰ ৰজাক বিমান বন্দৰত উস্ম আদৰণি জনায় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । বিমান বন্দৰৰ পৰা পোনে পোনে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে ভূটানৰ ৰজাই । তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা ভূটানৰ ৰজা জিগমে খেছাৰ ন্যামগেল ৱাংচুকে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো ভ্রমণ কৰিব ।

ভূটানৰ কথাৰে :

১৬ শ শতিকাৰ ধৰ্মীয় ৰাষ্ট্ৰ ভূটান ১৯৬০ ৰ দশকত ভাৰতৰ আৰ্থিক সাহায্যত এখন আধুনিক ৰাষ্ট্ৰ হিচাপে মুৰদাঙি উঠে । ৪৬ হাজাৰ ৫০০ বৰ্গ কিলোমিটাৰ আয়তনৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ ভূটান । ৭০ শতাংশ অৰণ্যৰে আবৃত্ত পাহাৰীয়া দেশখনৰ ৰাজতন্ত্রৰ ১০০ বছৰ সম্পূৰ্ণ হৈছিল ২০০৮ চনৰ ১ নবেম্বৰত ।
সেইদিনাখনেই ৰাজহুৱা ৰাজ অভিষেক হৈছিল ভূটানৰ ৰজা জিগমে খেচাৰ ন্যামগৱেল ৱাংচুকৰ
কিন্তু ৰজা হিচাপে ৱাংচুক ৰাজপাটত বহিছিল ২০০৬ চনৰ ৯ ডিচেম্বৰত । কম বয়সতে ৰাজভাৰ গ্ৰহণ কৰা ৱাংচুক ভূটান বাসীৰ মাজত অতিকৈ জনপ্ৰিয় । বহুতেই মৰমতে ৱাংচুকক মাতে K 5 বুলি আৰু বহুজনৰ বাবে ৱাংচুক হৈছে Prince charming of himalay ।

ৰজাৰ ৰাজকীয় বিবাহ:
২০১১ চনৰ ১৩ অক্টোবৰত সুন্দৰী জেৎচুন প্ৰেমাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৱাংচুক । ১৭ বছৰ বয়সত পৰিয়ালৰ সৈতে থিম্ফুত বনভোজ খাবলৈ যাওতে জেৎচুন প্ৰেমাক প্ৰথম লগ পাইছিল ৰাজকুমাৰ ৱাংচুকে।

পঢ়াই পঢ়ে ..
সৰুৰে পৰাই পঢ়া শুনাৰ প্রতি বিশেষ ধাউতি থকা জিগমে খেচাৰ ন্যামগয়েল ৱাংচুকে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল আমেৰিকাৰ ফিলিপছ একাডেমী, কোচিং একাডেমী আৰু হুৱেটন একাডেমীত ।বৈদেশিক সেৱা আৰু আন্তৰ্জাতিক সম্পৰ্কত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মাগদালেন কলেজত । ভাৰতৰ লাল বাহাদুৰ শাস্ত্রী , ৰাষ্ট্ৰীয় প্রশাসনিক একাডেমীতো শিক্ষা গ্ৰহণ কৰিছিল এইগৰাকী ভূটান নৃপতিয়ে।

ভাৰত আৰু ভূটানৰ সম্পৰ্ক :
২০১৩ চনত ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা জিগমে খেচাৰ নামগয়েল ৱাংচুকে ভাৰতৰ সৈতে গঢ়ি তুলিছে মধুৰ সম্পৰ্ক । প্রথম বাৰৰ বাবে পত্নী আৰু সন্তানৰ সৈতে অসমলৈ অহা ভূটানৰ ৰজাই চমু ভ্রমণ কালত কাজিৰঙা ভ্রমণ কৰি দেওবাৰে অসমৰ পৰা ৰাওনা হ’ব মুম্বাইলৈ ।

Leave A Reply

Your email address will not be published.