‘মহাদেৱৰ নামত জুৱাৰ এপ কিয়?’, বাঘেল চৰকাৰৰ ওপৰত ক্ষুন্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ছত্তীশগড়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আন আন ৰাজনৈতিক নেতাৰ লগতে জোৰদাৰ প্ৰচাৰ অভিযানত ব্যস্ত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই মহাদেৱ এপ কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ চৰকাৰ আৰু কংগ্ৰেছক লক্ষ্য কৰি লৈছে।
সংবাদ মাধ্যমৰ আগত হিমন্তই কয় যে কেলেংকাৰী কৰা সকলে ভগৱান মহাদেৱকো ৰেহাই দিয়া নাই। সেয়ে মহাদেৱেও তেওঁলোকক ক্ষমা নকৰে। এওঁলোকে ভগৱানকো সন্মান নকৰে। মহাদেৱৰ বাহিৰে বেলেগ নাম ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন।
উল্লেখ্য যে, সম্প্ৰতি মহাদেৱ বেটিং এপ কেলেংকাৰী সন্দৰ্ভত তদন্ত চলি আছে। তদন্তৰ মাজতে শুভম সোণী নামৰ এজন ব্যক্তিয়ে ভিডিঅ’যোগে মহাদেৱ এপৰ প্ৰকৃত মালিক তেওঁ বুলি দাবী কৰিছে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰা বুলি দাবী কৰিছে লোকজনে।
শুভমৰ দাবীত কিমান সত্যতা আছে সেয়া আগন্তুক সময়ত আৰু ইডিৰ তদন্ততহে স্পষ্ট হ’ব।
স্মৰ্তব্য যে, মহাদেৱ সত্তা এপৰ পৰা ধন উপাৰ্জন কৰি নিজৰ লগতে কংগ্ৰেছ হাইকমাণ্ডৰ পুঁজি টনকিয়াল কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰ চলাই আছে।