অতি কৰুণ! পুখুৰীত ডুবি তিনিটা শিশুৰ মৃত্যু
বিহাৰৰ সীতামঢ়ী জিলাৰ বাজপট্টি থানা এলেকাৰ অন্তৰ্গত বাৰী ফুলৱাৰিয়া গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দেওবাৰে গাঁওখন থকা এটা পুখুৰীৰ পানীত ডুব যোৱাৰ ফলত তিনিটা শিশুৰ মৃত্যু হয়।
মৃত শিশু কেইটাৰ ভিতৰত আছে দুগৰাকী ছোৱালী আৰু এটি ল’ৰা। তিনিওজনে পুখুৰীটোৰ ওচৰতে খেলি আছিল। আৰু সেই সময়তে তিনিওজন পুখুৰীত পৰি যোৱাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
নিহত শিশু তিনিটা বাৰী ফুলৱাৰিয়া গাঁৱৰ বাসিন্দা ছোনী কুমাৰী, ছোনিয়া কুমাৰী আৰু আদিত্য কুমাৰ।
এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত এক বৃহৎ জনসমাগম গোট খায়। ঘটনাৰ পিছত স্থানীয় ৰাইজে তিনিওকে উদ্ধাৰ কৰে যদিও তেতিয়ালৈকে তেওঁলোকৰ মৃত্যু হৈছিল।
একেলগে তিনিটা শিশুৰ মৃত্যুৰ ফলত গাঁওখনত এতিয়া এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়।
তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তিনিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।