চত্তীশগড়ৰ চুকমাত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত অৰ্ধসামৰিক বাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হোৱাৰ খবৰ আহিছে। এই গুলীচালনাত একাংশ জোৱান আহত হৈছে।
তাড়মেটলা আৰু দুলেদ গাঁৱৰ মাজৰ এখন অৰণ্যত সংঘটিত হোৱা এই গুলীচালনা প্ৰায় ২০ মিনিট ধৰি চলিছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
তথ্য অনুসৰি ভোটকেন্দ্ৰৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত নিৰাপত্তাৰ বাবে নিয়োজিত ডি আৰ জি জোৱানক লক্ষ্য কৰি মাওবাদীয়ে গুলীচালনা কৰে।
এই ঘটনাৰ পিছত লগে লগে ১৯৫ নম্বৰৰ দুৰ্মা ভোটগ্ৰহণ কেন্দ্ৰ ৩ কিলোমিটাৰ দূৰত্বৰ বাণ্ডালৈ স্থানান্তৰ কৰা হৈছে। এই কেন্দ্ৰটোত আছিল ২৮৪ জন ভোটাৰ।
কেন্দ্ৰটোত পুৱা ১১ বজালৈকে ২০ জন লোকে ভোটদান কৰিছিল। ৰাতিপুৱা ১১.১৫ বজাত ২০ মিনিট ধৰি মাওবাদী আৰু আৰক্ষীৰ মাজত গুলীচালনা হয়।
ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে আগতে ইয়াতকৈ ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈছিল, এতিয়া সৰু সৰু ঘটনা সংঘটিত হৈছে। ভৱিষ্যতে এইটোও বন্ধ হৈ যাব।
উল্লেখ্য যে, ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ২০টা সমষ্টিত হোৱা নিৰ্বাচনত মঙলবাৰে দিনৰ ১ বজালৈকে ২০খন আসনত ৪৪.৫৫ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।
মন কৰিবলগীয়া যে ছত্তীশগড়ত ৯০ খন বিধানসভাৰ আসন আছে আৰু ইয়াৰে আজি প্ৰথম পৰ্যায়ত ২০ খন আসনত ভোটগ্ৰহণ চলি আছে।
আজি অনুষ্ঠিত হৈ থকা ভোটগ্ৰহণৰ সমষ্টিসমূহ মূলতঃ নক্সাল অধ্যুষিত বুলি গণ্য কৰা হয়। ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।