জে’লত ভয়ংকৰ আক্ৰমণ বন্দুকধাৰীৰ; ৯জন লোকৰ মৃত্যু, পলাই গ’ল প্ৰাক্তন ৰাষ্ট্ৰপতি
আফ্ৰিকান দেশ গিনিৰ ৰাজধানী ক’নাক্ৰিস্থিত এখন কাৰাগাৰত বন্দুকধাৰী আক্ৰমণকাৰীৰ ব্যাপক গুলীচালনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
সোমবাৰে সংঘটিত এই আক্ৰমণৰ পিছতে কাৰাগাৰত বন্দী হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতি মৌছা দাদিছ কেমাৰা আৰু অন্যান্য কয়দী জেলৰ পৰা পলায়ন কৰে।
আইন মন্ত্ৰালয়ে এক আনুষ্ঠানিক প্ৰতিবেদনত তিনিজন আক্ৰমণকাৰী, চাৰিজন জোৱান আৰু আন দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি কয়।
বিবৃতিটোত কোৱা হৈছে যে গুলীচালনাত আন ছয়জন লোক গুৰুতৰভাৱে আহত হয়, যিসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে জোৱানসকলে চলোৱা তালাচী অভিযানত কাৰাগাৰৰ পৰা পলায়ন কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি মৌছা দাদিছ আৰু অন্য দুজন কয়দীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
তেওঁলোকক পুনৰ ৰাজধানী ক’নাক্ৰীৰ চেণ্ট্ৰেল হাউছ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
ইফালে জে’লৰ পৰা পলায়ন কৰা আন কয়দীসকলক বিচাৰি অভিযান চলাই থকা হৈছে বুলি আৰক্ষীয়ে জনায়।
নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা এখন কাৰাগাৰত অস্ত্ৰধাৰী অপৰাধীয়ে চলোৱা আক্ৰমণৰ ঘটনাই গিনিৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দিছে।
উল্লেখ্য যে, কেমাৰাই ২০০৮ চনত গিনিত সামৰিক অভ্যুত্থানৰ নেতৃত্ব দিছিল আৰু ২০০৯ চনৰ ডিচেম্বৰলৈকে প্ৰায় এবছৰ ধৰি গিনি শাসন কৰিছিল।
যোৱা বছৰৰ পৰা তেওঁৰ বিৰুদ্ধে এটা গোচৰ চলি আছে। কেমাৰাৰ বিৰুদ্ধে নিৰাপত্তা বাহিনী আৰু আন লোকৰ সহায়ত মিলি ষ্টেডিয়ামত নৰসংহাৰ আৰু দলবদ্ধ ধৰ্ষণৰ পৰিকল্পনা কৰাৰ অভিযোগ আছে।