ISHAN NEWS – Always One Step Ahead of Time…

যুদ্ধৰ মাজতে ইজৰাইলে ভাৰতৰ পৰা বিচাৰিলে ১০০০০০ শ্ৰমিক! কি পৰিকল্পনা ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ?

0 296

বিগত এমাহৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত চলি আছে যুদ্ধ। হামাছৰ আক্ৰমণৰ পিছৰে পৰা গাজা ষ্ট্ৰিপত হামাছক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লক্ষ্যৰে ভয়ংকৰভাৱে আক্ৰমণ চলাই আহিছে ইজৰাইলে।

এই ভয়াৱহ যুদ্ধৰ মাজতে আহিছে এক চাঞ্চল্যকৰ খবৰ। যুদ্ধত ব্যস্ত ইজৰাইলে তাৎক্ষণিকভাৱে ভাৰতৰ পৰা বিচাৰিছে এক লাখ শ্ৰমিক।

ভইচ অৱ আমেৰিকাৰ প্ৰতিবেদন অনুসৰি, ইজৰাইলৰ নিৰ্মাণ কোম্পানীসমূহে চৰকাৰৰ পৰা এক লাখ ভাৰতীয় শ্ৰমিকক নিযুক্তি দিয়াৰ অনুমতি বিচাৰিছে, যাতে ৯০ হাজাৰতকৈ অধিক পেলেষ্টাইনীক আঁতৰাব পৰা যায়।

উল্লেখ্য যে, ৭ অক্টোবৰত হামাছে কৰা আক্ৰমণৰ পিছৰে পৰা পেলেষ্টাইনীসকলৰ ৱৰ্ক পাৰ্মিট বাতিল কৰা হৈছে।

পেলেষ্টাইনী শ্ৰমিকসকলে পৰম্পৰাগতভাৱে ইজৰাইলৰ নিৰ্মাণ কোম্পানীত কাম কৰি আহিছে। কিন্তু ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত এই লোকসকলক কৰ্মৰ পৰা আঁতৰাই দিয়া হৈছিল। ইয়াৰ বাবেই এতিয়া ইজৰাইলৰ সকলো নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

কিছুদিন আগলৈকে অবিৰতভাৱে নিৰ্মাণ চলি থকা অট্টালিকাবোৰৰ ঠাইবোৰ এতিয়া সম্পূৰ্ণ খালী হৈ পৰিছে। এতিয়া ঘৰ ক্ৰয় কৰা লোসকলে হেঁচা প্ৰয়োগ কৰিছে বিল্ডাৰ সকলক।

ইজৰাইলী বিল্ডাৰ্ছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ৯০ হাজাৰ পেলেষ্টাইনী শ্ৰমিকৰ ১০ শতাংশ গাজাৰ আৰু বাকীসকল পশ্চিম পাৰৰ।

ইজৰাইল বিল্ডাৰ্ছ এছ’চিয়েশ্যনৰ সৈতে জড়িত কিছু লোকে কয় যে ৫০ হাজাৰৰ পৰা ১ লাখ ভাৰতীয় শ্ৰমিকক আনিবলৈ আমি চৰকাৰৰ সৈতে আলোচনা কৰি আছো।

ইফালে হামাছৰ আক্ৰমণৰ পিছত এতিয়াও ইজৰাইলত কাম কৰি থকা বহু পেলেষ্টাইনী নাগৰিক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সম্প্ৰতি ইজৰাইলত চলি থকা প্ৰায়বোৰ নিৰ্মাণ কাৰ্যত চীনৰ নাগৰিক নিয়োজিত হৈ আছে।

উল্লেখ্য যে, ইতিমধ্যে ভাৰতৰ পৰা ইজৰাইললৈ শ্ৰমিক নিয়াৰ বাবে দুয়োখন দেশৰ মাজত হৈছিল এখন চুক্তি। ইজৰাইলৰ বৈদেশিক মন্ত্ৰী এলি কোহেনে মে’ মাহত ভাৰত ভ্ৰমণ কৰিছিল। তাৰ পিছত দুয়োখন দেশৰ মাজত চুক্তি হয়। সেই অনুসৰি ৪২ হাজাৰ ভাৰতীয় শ্ৰমিক ইজৰাইললৈ যাব, ইয়াৰে ৩৪ হাজাৰে নিৰ্মাণ ক্ষেত্ৰত কাম কৰিব।

Leave A Reply

Your email address will not be published.