ISHAN NEWS – Always One Step Ahead of Time…

সুস্থ হৈ উঠিছে জুবিন গাৰ্গ । হঠাৎ কি হৈছিল শিল্পী গৰাকীৰ । চিকিৎসকে কি ক’লে ?

0 6,364

ক্রমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ । জনপ্ৰিয় গায়ক গৰাকীৰ স্বাস্থ্যক লৈ বিশেষ চিন্তাৰ কাৰণ নাই বুলি ক’লে নেমকেয়াৰ হস্পিতালৰ সঞ্চালক তথা চিকিৎসক হিতেশ বৰুৱাই ।

উল্লেখ্য যে আজি পুৱা ঘৰত কাম কৰি থকা অৱস্থাত হঠাৎ মূৰ ঘুৰাই পৰি গৈছিল যুৱ প্রজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । অসুস্থ হৈ পৰা জুবিন গাৰ্গক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নেমকেয়াৰ চিকিৎসালয়ৰ ICU ত ।

বৰ্তমান এটা অভিজ্ঞ চিকিৎসকৰ দলে পৰ্যবেক্ষণ কৰি আছে জুবিন গাৰ্গক। চিকিৎসক তথা নেমকেয়াৰ হস্পিতালৰ সঞ্চালক হিতেশ বৰুৱাই জানিবলৈ দিয়া মতে ক্রমাৎ সুস্থ হৈ উঠা জুবিন গাৰ্গক অতি সোনকালে ICU ৰ পৰা কেবিনলৈ স্থানান্তৰিত কৰা হ’ব । অৱশ্যে শেহতীয়াকৈ কৰা কেইবাটাও পৰীক্ষাৰ প্রতিবেদন অহাৰ পাছতহে জুবিন গাৰ্গৰ কি হৈছে সেইটো গমপোৱা যাব বুলি উল্লেখ কৰে চিকিৎসকে ।

Leave A Reply

Your email address will not be published.