ISHAN NEWS – Always One Step Ahead of Time…

দিল্লীত দুৰ্বিসহ হৈ পৰিছে জীৱন নিৰ্বাহ; ৯ৰ পৰা ১৮ নৱেম্বৰলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা । ISHAN NEWS…

0 224

দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে।

অৰ্থাৎ এতিয়া শিশুসকলে ডিচেম্বৰৰ পৰিৱৰ্তে নৱেম্বৰ মাহত ১০ দিনৰ শীতকালীন ছুটী লাভ কৰিছে। শীতকালীন বিৰতিৰ লগে লগে এই বন্ধৰ দিনবোৰ সালসলনি কৰা হ’ব।

দিল্লী চৰকাৰে জনাইছে যে ডিচেম্বৰ-জানুৱাৰি মাহৰ শীতকালীন বিৰতি এতিয়া সালসলনি কৰা হ’ব। ৰাজধানীখনৰ প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে, যাতে শিশুসকলক সুৰক্ষিত কৰি ৰাখিব পাৰি।

বুধবাৰে বিয়লি অৰবিন্দ কেজৰিৱাল চৰকাৰে কয় যে একেৰাহে ছয় দিন ধৰি মহানগৰীত বিয়পি পৰা বিষাক্ত ধোঁৱাৰ বাবে দিল্লীৰ বিদ্যালয়সমূহ অহা ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ শীতকালীন ছুটীৰ বাবে বন্ধ থাকিব।

ৰাজধানী চহৰখনৰ প্ৰদূষণৰ পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। দিল্লী এতিয়া গেছ চেম্বাৰত পৰিণত হৈছে।

ধোঁৱাৰ ক’লা আৱৰণে ঢাকি ৰাখিছে দিল্লী চহৰ। উশাহ-নিশাহ লোৱাটো যথেষ্ট কঠিন হৈ পৰিছে। সেয়ে দিল্লী চৰকাৰে এতিয়া নিৰ্মাণ কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে শীঘ্ৰে যুগ্ম-অযুগ্ম নীতি কাৰ্যকৰী কৰিবলৈ গৈ আছে।

Leave A Reply

Your email address will not be published.