ISHAN NEWS – Always One Step Ahead of Time…

যুদ্ধ বিৰতি উলংঘন; এজন BSF জোৱান ছহিদ, প্ৰত্যুত্তৰত মৃত্যু ২জন পাকিস্তানী ৰেঞ্জাৰ্ছৰ

0 451

জম্মু-কাশ্মীৰৰ ছাম্বা জিলাৰ ৰামগঢ় ছেক্টৰৰ ভাৰত-পাক সীমান্তৰ সমীপত পাকিস্তানী সেনাই অতৰ্কিতে চলোৱা গুলীচালনাত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এজন হেড কনিষ্টবলৰ মৃত্যু হয়।

আনহাতে যুদ্ধ বিৰতি উলংঘনৰ প্ৰত্যুত্তৰত ভাৰতৰ সুৰক্ষা বাহিনীয়ে চলোৱা গুলীচালনাত পাকিস্তানৰ দুজন ৰে়ঞ্জাৰ্ছৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, ছাম্বাৰ সীমান্ত চকীক লক্ষ্য কৰি পাকিস্তানৰ তৰফৰ পৰা প্ৰথমে গুলীচালনা কৰা হৈছিল।

বিগত ২৪ দিনৰ ভিতৰত জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানী নিৰাপত্তাৰক্ষীয়ে যুদ্ধবিৰতি উলংঘা কৰা এইটো তৃতীয়টো ঘটনা।

কালি নিশা সংঘটিত হোৱা গুলীচালনাত আহত হোৱা বি এছ এফৰ হেড কনিষ্টবল লাল ফাম কিমাক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত জম্মুৰ জিএমচি হাস্পতাললৈ লৈ যোৱা হয় য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

গুলীচালনাত মৃত্যু হোৱা ৫০ বছৰীয়া কিমা মিজোৰামৰ আইজলৰ বাসিন্দা। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ নশ্বৰদেহ স্বগৃহলৈ প্ৰেৰণ কৰা হব।

বি এছ এফে এক বিবৃতিত প্ৰকাশ কৰিছে যে ৮ নৱেম্বৰৰ গভীৰ নিশা ৰামগড় অঞ্চলত পাকিস্তান ৰেঞ্জাৰসকলে কোনো কাৰণ নোহোৱাকৈ গুলীচালনা কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত বি এছ এফৰ জোৱানসকলেও সীমান্তৰ সিপাৰে থকা নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে।

ইয়াৰ পূৰ্বে ২৮ অক্টোবৰ আৰু ৭ অক্টোবৰত পাকিস্তানৰ তৰফৰ পৰা যুদ্ধবিৰতি উলংঘন কৰিছিল।

Leave A Reply

Your email address will not be published.