বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে প্রকাশ কৰা শেহতীয়া প্রতিবেদনত যক্ষ্মা অৰ্থাৎ টি বি ৰোগীৰ ক্ষেত্রত ভাৰতে সৰ্বোচ্চ স্থান লাভ কৰিছে । ২০২২ চনত বিশ্বৰ ১৯২ খন দেশত চলোৱা সমীক্ষাৰ প্রতিবেদনত প্রকাশিত তথ্যমতে বিশ্বত মুঠ ৭৫ লাখ যক্ষ্মা ৰোগত আক্রান্ত ৰোগী আছে । ইয়াৰ ভিতৰত ২৮.২ লাখ অৰ্থাৎ ২৭ শতাংশ যক্ষ্মা ৰোগী আছে ভাৰতত । WHO য়ে প্রকাশ কৰা এই প্রতিবেদনৰ তথ্য মতে ভাৰতত যক্ষ্মা ৰোগীৰ সংখ্যা সৰ্বাধিক ।
প্রতিবেদন মতে, যক্ষ্মা ৰোগত আক্রান্ত ভাৰতৰ ১২ শতাংশ ৰোগীৰ অৱস্থা সংকটজনক । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যোৱা বছৰ ভাৰতত ৩ লাখ ৪২ হাজাৰ যক্ষ্মা ৰোগীৰ মৃত্যু হয় । ইয়াৰ ভিতৰত ১১ হাজাৰ এইচ আই ভি ত আক্রান্ত ৰোগীও আছিল ।
বিশ্বৰ ৩০খন দেশত ৮৭ শতাংশ যক্ষ্মা ৰোগী ধৰা পৰিছে । ইয়াৰ ভিতৰত যক্ষ্মা ৰোগী থকা শীৰ্ষ ৮ খন দেশ হৈছে ভাৰত, ইণ্ডোনেছিয়া, চীন,ফিলিপাইনছ,পাকিস্তান,নাইজেৰিয়া,বাংলাদেশ আৰু কংগো ।