ISHAN NEWS – Always One Step Ahead of Time…

ভাৰতীয় মূলৰ ৰচিন ৰবিন্দ্ৰই ৰচিলে ইতিহাস; বিশ্বকাপত ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ । ISHAN NEWS…

0 3,198

বৃহস্পতিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা চলিত বিশ্বকাপৰ গুৰুত্বপূৰ্ণ মেচখনত ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ বেটাৰ ৰচিন ৰবিন্দ্ৰই ৰচিলে ইতিহাস।

এই মেচখনত ৰবিন্দ্ৰই ৪২ ৰানৰ ইনিংছ খেলিছিল আৰু এই ইনিংছটোতে তেওঁ এনে এক অভিলেখ গঢ়িলে যিটো আন কোনেও কল্পনা কৰিব পৰা নাছিল।

শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ৰচিন ৰবিন্দ্ৰই। দৰাচলতে ৰচিন ৰবিন্দ্ৰ এতিয়া বিশ্বকাপৰ ইতিহাসত ২৫ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে।

পূৰ্বে এই অভিলেখ শচীন তেণ্ডুলকাৰৰ নামত আছিল। ১৯৯৬ চনৰ বিশ্বকাপত শচীন তেণ্ডুলকাৰে মুঠ ৫২৩ ৰান সংগ্ৰহ কৰিছিল। সেই সময়ত শচীনৰ বয়স আছিল ২৫ বছৰতকৈও কম।

ইফালে চলিত বিশ্বকাপত ৰচিন ৰবিন্দ্ৰই ৯খন খেলত ৫৬৫ ৰান সংগ্ৰহ কৰিছে। বৰ্তমান ৰবিন্দ্ৰৰ বয়স মাত্ৰ ২৩ বছৰ।

২৫ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন

৫৬৫ – ৰচিন ৰবিন্দ্ৰ (২০২৩)

৫২৩ – শচীন তেণ্ডুলকাৰ (১৯৯৬)

৪৭৪ – বাবৰ আজম (২০১৯)

৩৭২ – এ বি ডি ভিলিয়াৰ্ছ (২০০৭)

ইয়াৰ উপৰিও ৰচিন ৰবিন্দ্ৰই অভিষেক বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপেও পৰিগণিত হৈছে। এই বিশ্বকাপত ৰচিন ৰবিন্দ্ৰই মুঠ ৫৬৫ ৰান সংগ্ৰহ কৰিছে।

ইয়াৰ লগে লগে তেওঁ ইংলেণ্ডৰ বেয়াৰষ্টো আৰু পাকিস্তানৰ বাবৰ আজমৰ অভিলেখ ভংগ কৰিছে। বেয়াৰষ্টোৱে প্ৰথম বিশ্বকাপত মুঠ ৫৩২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ২০১৯ চনত পাকিস্তানৰ বাবৰ আজমে ৪৭৪ ৰান সংগ্ৰহ কৰিছিল।

অভিষেক বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন

৫৬৫ – ৰচিন ৰবিন্দ্ৰ (২০২৩)

৫৩২ – জনী বেয়াৰষ্টো (২০১৯)

৪৭৪ – বাবৰ আজম (২০১৯)

উল্লেখ্য যে, শ্ৰীলংকাৰ বিৰুদ্ধে কালি অনুষ্ঠিত হৈ যোৱা মেচখনত নিউজিলেণ্ডে ৫ উইকেটত জয়লাভ কৰে। এই জয়েৰে নিউজিলেণ্ডে ছেমি ফাইনেলত নিজৰ স্থান প্ৰায় নিশ্চিত কৰিলে।

যদিহে বেলেগ কিবা অঘটন নঘটে তেন্তে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ছেমি ফাইনেল মেচখন ১৫ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.