৭খন গাওঁত নীৰৱ দেৱালী ।এগচিকৈ মাটি চাকি জ্বলিছে গঞাৰ পদুলিত। কিহৰ কাৰণে এই ব্যতিক্রমী আয়োজন ।
যি সময়ত সমগ্ৰ দেশ দীপাৱলীৰ আতচবাজী ফুটোৱাত ব্যস্ত সেই সময়ত নীৰৱ হৈ ৰ’ল তামিলনাডুৰ সাতখন গাওঁ । গাওঁ কেইখনত নাই দীপাৱলীৰ নামত কোনোধৰণৰ শব্দৰ প্রদুষণ তথা কোলাহল । সেই কেইখন গাওঁৰ বাসিন্দাই কেৱল পোহৰেৰে আদৰণি জনাইছে পোহৰৰ উৎসৱ দিপাৱলীক । গাওঁ কেইখনৰ কোনো বাসিন্দাই ফুটুৱা নাই ফটকা , আতচবাজি ইত্যাদি।
তামিলনাডুৰ ভাদামুংগমৰ ভেলোড পক্ষী অভয়াৰণ্যলৈ এই সময়ত আগমণ ঘটে অগণন পৰিভ্ৰমী পক্ষীৰ ।
অক্টোবৰৰ পৰা জানুৱাৰীলৈকে পক্ষী উদ্যানখন মুখৰিত হৈ থাকে বিভিন্ন পক্ষীৰ কলৰৱত । তামিলনাডুৰ ইৰোড চহৰৰ পৰা ১০ কিলোমিটাৰ নিলগত অৱস্থিত এই পক্ষী উদ্যানখনৰ চৰাইবোৰৰ কথা মনত ৰাখি, সেই অঞ্চলৰ সাতখন গাওঁৰ বাসিন্দাই এইবাৰ দেৱালীত ফটকা নুফুটুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
তামিলনাডুৰ এই সাতখন গাঁৱৰ বাসিন্দাই বহু বছৰৰ পৰা দেৱালী ভিন্ন ৰূপত পালন কৰি আহিছে । দিপাৱলীৰ দিন কেইটাত গাওঁৰ বাসিন্দা সকলে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সামূহিক উপায়েৰে পোহৰৰ উৎসৱ দেৱালী উদযাপন কৰে। কোনো বছৰতেই সৃষ্টি কৰা নাই দিপাৱলীৰ নামত শব্দৰ প্রদুষণ । কেৱল মাটিৰ চাকি জ্বলাই পোহৰৰ উৎসৱ উদযাপন কৰি সুখী গাওঁ কেইখনৰ বাসিন্দা সকল ।