ISHAN NEWS – Always One Step Ahead of Time…

মধ্য প্ৰাচ্যত আমেৰিকাৰ সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ৫ সৈনিক নিহত । ইজৰাইল- হামাছ যুদ্ধত আমেৰিকাও প্রবেশ কৰিলে নেকি ?

0 406

ভূমধ্য সাগৰ অঞ্চলত আমেৰিকাৰ যুঁজাৰু হেলিকপ্টাৰৰ প্ৰশিক্ষণ চলি থকা সময়ত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ হোৱাৰ পাঁচজন আমেৰিকাৰ সৈনিক নিহত হয়। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য মতে এই ঘটনাটো ১০ নৱেম্বৰতে সংঘটিত হৈছিল। অনুশীলনৰ সময়ত হেলিকপ্তাৰ খনত ইন্ধন ভৰ্তি কৰোতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ।
আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰৰ মতে, হেলিকপ্টাৰত থকা সৈনিকসকল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বিশেষ অভিযানকৰ্মী আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউৰোপীয় কমাণ্ডাৰ গৰাকীৰ মতে , প্ৰশিক্ষণ অভিযান সময়ত ইন্ধন ভৰাওতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত হেলিকপ্তাৰ খনৰ পাঁচোজন ক্ৰু সদস্যৰ মৃত্যু হয় ।


উল্লখ্য যে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পিছত আমেৰিকাই পূব ভূমধ্যসাগৰত যুঁজাৰু বিমানৰ চলাচল বৃদ্ধি কৰিছিল। যাতে সেই অঞ্চলবোৰত সংঘৰ্ষ আৰু বৃদ্ধি নহয়। আমেৰিকাই যোৱা মাহত কেইবাখনো জাহাজ আৰু যুঁজাৰু বিমান মোতায়েন কৰিছিল কৰিছিল ।
যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লইড অষ্টিনে হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰে। জো বিডেনে ছ’চিয়েল মিডিয়া এক্স (টুইটাৰ)ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লিখিছিল ,
“প্ৰশিক্ষণ অভিযানৰ সময়ত ভূমধ্য সাগৰত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পাঁচজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেৱাৰ সদস্যৰ মৃত্যু হয়। আমি তেওঁলোকৰ প্ৰিয়জনক হেৰুওৱা পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে প্ৰাৰ্থনা কৰিআছো। এই দুখৰ সময়ত সমগ্ৰ দেশ তেওঁলোকৰ সৈতে আছে।
অৱশ্যে, এই দুৰ্ঘটনাসম্পৰ্কে সেনাই পৰ্যাপ্ত তথ্য দিয়া নাই। দুৰ্ঘটনাটো ক’ত সংঘটিত হৈছিল বা হেলিকপ্টাৰখন ক’ত উৰা মাৰিছিল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই ।

Leave A Reply

Your email address will not be published.