দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন কিংবদন্তি হাছিম আমলাই বিশ্বকাপৰ ফাইনেল সন্দৰ্ভত ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে। বিশ্বকাপৰ ফাইনেল সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি প্ৰাক্তন প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে ফাইনেলত ভাৰত আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ’ব বুলি কয়।
উল্লেখ্য যে প্ৰতিযোগিতাখনত ৪ টা শক্তিশালী দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় দলটোৱে ১৫ নৱেম্বৰত নিউজিলেণ্ডৰ সৈতে ছেমি ফাইনেল মেচ খেলিব।
আনহাতে ১৬ নৱেম্বৰত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল মেচ। প্ৰথমখন ছেমি ফাইনেল মুম্বাইত আৰু দ্বিতীয়খন ছেমি ফাইনেল কলকাতাত অনুষ্ঠিত হ’ব।
ছেমি ফাইনেলত জয়ী হোৱা দল দুটাৰ মাজত অহা ১৯ নৱেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচখন।
এটা স্প’ৰ্টছ ৱেবচাইটক দিয়া সাক্ষাতত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ভাৰত আৰু দক্ষিণ আফ্ৰিকাক চূড়ান্ত মেচখন খেলাৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰিছে।
উল্লেখ্য যে এই বিশ্বকাপত দুয়োটা দলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। লীগ পৰ্যায়ত ভাৰতে এখনো মেচত পৰাস্ত নোহোৱাকৈ পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই দুখন মেচত পৰাস্ত হৈ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থাকে।
হাছিম আমলাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হয় নে নহয় সেয়া জানিবলৈ ১৫ আৰু ১৬ নৱেম্বৰলৈ অপেক্ষা কৰিব লাগিব।