ISHAN NEWS – Always One Step Ahead of Time…

দীপাৱলীত ১২১ কোটি টকাৰ সুৰা বিক্ৰী; দুসপ্তাহত ৩ কোটি বটল ক্ৰয়

0 597

দীপাৱলী উৎসৱৰ সময়ত দেশৰ ৰাজধানী দিল্লীত শুকুৰবাৰৰ পৰা দেওবাৰলৈ প্ৰায় ১২১ কোটি টকাৰ সুৰা বিক্ৰী হয়। এই সময়ত ৬৪ লাখ সুৰাৰ বটল ক্ৰয় কৰিছিল গ্ৰাহকে।
আবকাৰী বিভাগৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰে।
চৰকাৰী তথ্য অনুসৰি দীপাৱলীৰ এসপ্তাহ পূৰ্বে এক কোটিতকৈ অধিক সুৰাৰ বটল বিক্ৰী কৰি চৰকাৰে ২৩৪.১৫ কোটি টকা উপাৰ্জন কৰিছিল।
আবকাৰী বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই কয়, ‘দিল্লীত হোলী আৰু দীপাৱলীৰ দৰে উৎসৱৰ সময়ত সুৰাৰ বিক্ৰী বৃদ্ধি পায় কাৰণ ইয়াক কেৱল ব্যক্তিগত সুৰাপানৰ বাবেই নহয় উপহাৰ হিচাপেও কিনা হয়।’
চৰকাৰী তথ্য অনুসৰি দীপাৱলীৰ আগৰ ১৭ দিনত মুঠ তিনি কোটিতকৈ অধিক বটল বিক্ৰীৰে ৫২৫.৮৪ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে।
বিষয়াসকলে জনোৱা মতে, দেৱালীৰ ঠিক আগৰ পৰাই সুৰাৰ বিক্ৰীৰ হাৰ বৃদ্ধি পাইছিল আৰু বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰে দোকানসমূহত ক্ৰমে ১৭.৩৩ লাখ, ১৮.৮৯ লাখ আৰু ২৭.৮৯ লাখ বটল বিক্ৰী হৈছিল।
অৱশ্যে দীপাৱলীৰ দুটা দিনত দিল্লীত সুৰাৰ দোকান বন্ধ হৈ আছিল।
তিনিদিনত ৬৪ লাখৰো অধিক বটলৰ বিক্ৰীৰে দিল্লী চৰকাৰে মুঠ ১২০.৯২ কোটি টকা উপাৰ্জন কৰে।
উল্লেখ্য যে, ২০২২ চনত দেৱালীৰ আগৰ ১৭ দিনত দিল্লীত ২.১১ কোটি সুৰাৰ বটল বিক্ৰী হৈছিল। এই ক্ষেত্ৰত এইবাৰ বিক্ৰী হোৱা বটলৰ সংখ্যা প্ৰায় ৪২ শতাংশ বেছি।

Leave A Reply

Your email address will not be published.