ISHAN NEWS – Always One Step Ahead of Time…

কয়লা কোম্পানীৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ২৫গৰাকী লোকৰ মৃত্যু

0 1,200

চীনৰ চাংচি প্ৰদেশৰ লুলিয়াঙত কয়লা কোম্পানী এটাৰ ভৱনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হয়। মঙলবাৰ অৰ্থাত ১৬ নৱেম্বৰৰ পুৱা প্ৰায় ৬:৫০ বজাত এই ঘটনা সংঘটিত হয়।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত এতিয়ালৈকে ৬৩ জন লোকক অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে ৫১ জন লোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

চীনৰ স্থানীয় চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চাংচি প্ৰদেশৰ লুলিয়াং চহৰৰ লিছি জিলাৰ য়ংজু কয়লা কোম্পানীৰ চাৰি মহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয়।

অট্টালিকাটোত সংঘটিত অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এক অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰাৰ লগতে প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, চীনত এইধৰণৰ ঘটনা নতুন নহয়। বিগত জুন মাহত দেশখনৰ উত্তৰ-পশ্চিমৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত অগ্নিকাণ্ডত ৩১জন লোকৰ মৃত্যু হৈছিল।

ইয়াৰ উপৰি চলিত বৰ্ষৰ এপ্ৰিল মাহত বেইজিঙৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত ২৯ জন লোকৰ মৃত্যু হয়।

চীনত সঘনাই সংঘটিত হোৱা অগ্নিকাণ্ডৰ দুৰ্ঘটনাৰ পিছত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবেও দেশজোৰা অভিযান আৰম্ভ কৰা হৈছিল। কিন্তু এতিয়ালৈকে ইয়াৰ কোনো সুফল পোৱা নাই।

Leave A Reply

Your email address will not be published.