ISHAN NEWS – Always One Step Ahead of Time…

আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকক গুলীয়াই হত্যা; চৰকাৰক সমালোচনা বিৰোধীৰ

0 249

শুকুৰবাৰে অমৃতসৰত পঞ্জাৱ আৰক্ষীৰ এজন বিষয়াক গুলীয়াই হত্যা কৰা হয়। নিহত আৰক্ষী বিষয়াজনক সহকাৰী উপ-পৰিদৰ্শক সৰুপ সিং বুলি চিনাক্ত কৰা হৈছে। নৱাদা পিণ্ড থানাত কৰ্তব্যৰত আছিল সৰুপ সিং।

এতিয়ালৈকে আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে বৃহস্পতিবাৰে নিশা ৯ বজাত সৰুপ সিং ঘৰৰ পৰা ওলাই আহিছিল। আৰু ঘৰৰ পৰা ওলাই অহাৰ মাত্ৰ আধা ঘণ্টাৰ পিছতেই তেওঁৰ ফোনটো চুইচ অফ হৈ পৰে। ফোনটো বন্ধ হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে পৰিয়ালৰ লগত কথা পাতিছিল।

নিশা কৰ্তব্যলৈ গৈ থকা অৱস্থাত বাইক আৰোহী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সৰুপ সিঙক। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। লগতে অচিনাকি লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

এই ঘটনা সন্দৰ্ভত অমৃতসৰ গ্ৰাম্যৰ ডিএছপি সুচা সিঙে কয় যে এই হত্যাকাণ্ডৰ আঁৰত কোনো ৰাজনৈতিক দিশ নাই। এয়া ব্যক্তিগত শত্ৰুতাৰ পৰিণতি। আৰক্ষীৰ দলে অভিযুক্তক বিচাৰি অভিযান চলাই আছে।

ইফালে সৰুপ সিঙৰ হত্যাক লৈ পঞ্জাৱত আৰম্ভ হৈছে ৰাজনীতি। এই হত্যাকাণ্ড সন্দৰ্ভত বিৰোধী দলসমূহে ৰাজ্য চৰকাৰ আৰু আম আদমী পাৰ্টিক লক্ষ্য কৰি লৈছে।

বিজেপি নেতা মঞ্জিন্দৰ সিং ছিৰছাই আৰক্ষী বিষয়াগৰাকীৰ হত্যাকাণ্ডক অত্যন্ত বেদনাদায়ক বুলি অভিহিত কৰাৰ লগতে মুখ্যমন্ত্ৰী ভগৱন্ত মানকো লক্ষ্য কৰি লয়।

Leave A Reply

Your email address will not be published.