ISHAN NEWS – Always One Step Ahead of Time…

পেলেষ্টাইন সন্দৰ্ভত সন্ত্রাসবাদী ওছামা বিন লাদেনৰ পত্ৰ ভাইৰেল । কি লিখা আছে পত্রখনত ? ISHAN NEWS…

0 400

বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আল কায়দাৰ মুৰব্বী ওছামা বিন লাদেনৰ এখন পুৰণি পত্র ভাইৰেল হৈছে সামাজিক মাধ্যমত । এটা দশক পুৰণি পত্রখনে তোলপাৰ লগাইছে সামাজিক মাধ্যমত । যিসময়ত ইজৰাইল আৰু সন্ত্রাসবাদী সংগঠন হামাছৰ মাজত হোৱা যুদ্ধই ৬ সপ্তাহ অতিক্রম কৰিছে তেনেসময়তে চৰ্ছাৰ বিষয় হৈ পৰিছে বিশ্বৰ আটাইতকৈ কুখ্যাত সন্ত্ৰাসবাদী ওছামা বিন লাদেন।


এটা দশকৰ আগতে সন্ত্রাসবাদী ওছামা বিন লাদেনে পত্রখনত লিখা কথাবোৰৰ সৈতে বহু সংখ্যক নেটিজেনে সন্মতি প্রকাশ কৰি সামাজিক মাধ্যমত হাজাৰ হাজাৰ ভিডিঅ’ ভাইৰেল কৰিছে ।

পত্রখনত কি আছে ?

৯/১১ ৰ ভয়ংকৰ আক্ৰমণৰ পাছত এই পত্ৰখন লিখিছিল লাডেনে । পত্রখনত ওছামা বিন লাদেনে সংঘটিত কৰা আক্ৰমণক ‘শুদ্ধ’ বুলি বৰ্ণনা কৰিবলৈ যত্ন কৰিছে। ২৬/১১ ৰ আক্রমণক শুদ্ধ বুলি প্রতিপন্ন কৰিবলৈ বহুতো কাৰণ তালিকাভুক্ত কৰিছে।


আল-কায়েদাই কৰা ২৬/১১ আক্ৰমণক ‘প্ৰতিশোধ’ বুলি বৰ্ণনা কৰিছে। এই সন্দৰ্ভত পত্রখনত আমেৰিকাৰ অনৈতিক আচৰণৰ কথা উল্লেখ কৰাৰ লগতে মধ্যপ্রাচ্যৰ স়ংঘাতত আমেৰিকাকো জড়িত কৰিছে। পত্ৰখনত পেলেষ্টাইনৰ কথাও উল্লেখ আছে ।


কোনে ভাইৰেল কৰিলে সন্ত্রাসবাদী ওছামা বিন লাদেনৰ পত্র ?
দ্য ৰোলিং ষ্টোনছ ৱেবছাইটৰ মতে, টিকটক ব্যৱহাৰকাৰী লিনেট এডকিন্সে ১৪ নৱেম্বৰত এটা ভিডিঅ’ পোষ্ট কৰিছিল। পোষ্টটোত পুৰণি পত্রখনৰ ভিডিঅ’ আপলোড কৰি লিখিছিল
“মই বিচাৰো আপুনি যি কৰি আছে সেয়া বন্ধ কৰক। আৰু এই দুই পৃষ্ঠাৰ চিঠিখন পঢ়ক – ‘আমেৰিকালৈ এখন পত্ৰ’। শেষলৈকে পঢ়ক আৰু আপুনি কি ভাবে সেয়া জনাব। ইয়াৰ পাছতে ভাইৰেল হৈ পৰিল পত্রখন। বহু সংখ্যক টিকটক ব্যৱহাৰকাৰীয়ে পত্রখন পঢ়ি ‘চকু মুকলি কৰা’ বুলিও মন্তব্য কৰিছে।


এই পত্রখনৰ প্রতি বহু সংখ্যক লোকৰ সমৰ্থন দেখি আচৰিত হৈছে বিশ্বৰ বিভিন্ন দেশৰ নাগৰিক ।
বিন লাদেনৰ পত্ৰখন ২০০২ চনৰ পৰা দ্য গাৰ্ডিয়ানৰ ৱেবছাইটত আছিল, শেহতীয়াকৈ পত্রখনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত দ্য গাৰ্ডিয়ানে ১৫ নৱেম্বৰত ৱেবচাইটৰ পৰা আতৰাই দিছে পত্রখন ।

Leave A Reply

Your email address will not be published.