ISHAN NEWS – Always One Step Ahead of Time…

AI আৰু ‘DEEP FAKE’ ঘটনাক লৈ উদ্বিগ্ন প্রধানমন্ত্রী মোডী । সতৰ্ক কৰি দিলে চাট জিপিটিক ।

0 138

কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI ৰ সহায়ত, কাৰোবাৰ শৰীৰৰ সলনি কৰাৰ লগতে আন কাৰোবাৰ মুখ সলনি কৰিছে । এগৰাকী ব্যক্তিৰ শৰীৰত আন এগৰাকী ব্যক্তিৰ মুখ ব্যৱহাৰৰ জৰিয়তে সংঘটিত কৰিছে Deep Fake ঘটনা । AI প্ৰযুক্তি ব্যৱহাৰ কৰিছে ভুৱা ভিডিঅ’ । শেহতীয়াকৈ, বলীউডৰ তিনিগৰাকী অভিনেত্ৰী এই প্ৰযুক্তিৰ বলি হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ DEE FAKE ক লৈ চিন্তিত হৈ পৰাৰ কথা উল্লেখ কৰে । শুকুৰবাৰে অৰ্থাৎ আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি প্রধানমন্ত্রী মোডীয়ে কয় DEEP FAKE ভিডিঅ’ সন্দৰ্ভত কয় যে , এনে ভিডিঅ’ এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে।
উল্লেখ্য যে শুকুৰবাৰে, বলীউডৰ অভিনেত্ৰী কাজলৰ এটা DEEP FAKE ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত কাজলে কেমেৰাৰ সন্মুখত কাপোৰ সলনি কৰিছি । ভিডিঅ’টো মুকলি হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে, হৈ চৈ ৰ সৃষ্টি হয় । ইয়াৰ পাছত, ইণ্টাৰনেটৰ তথ্য পৰীক্ষা কৰা কোম্পানীবোৰে ভিডিঅ’টো পৰীক্ষা কৰিছিল আৰু দেখিছিল যে ভিডিঅ’টো প্ৰকৃততে এজন টিক টক তাৰকাৰ। টিকটক তাৰকা গৰাকীৰ কাপোৰ পিন্ধি থকা ভিডিঅ’ত কাজলৰ মুখ সংযোগ কৰিছিল ।
কেইদিনমান পূৰ্বে অভিনেত্ৰী কেটৰিনা কাইফ আৰু ৰশ্মিকা মান্দানাৰ সৈতেএকে ধৰণৰ ঘটনা সংঘটিত হৈছিল। প্ৰধানমন্ত্ৰী মোডীয়ে আজি এনেধৰণৰ ঘটনাক লৈ উদ্বিগানতা প্রকাশ কৰে ‌

নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি, সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত DEEP FAKE ভিডিঅ’ক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। এই সন্দৰ্ভত প্রধানমন্ত্রী গৰাকীয়ে কয় যে, “আমাৰ ওচৰত এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে উন্নত প্ৰযুক্তি আছে। আমি সেই প্ৰযুক্তিটো দায়িত্বশীলভাৱে ব্যৱহাৰ কৰা উচিত। এই ক্ষেত্ৰত উপযুক্ত শিক্ষাৰ প্ৰচাৰ কৰাটো গুৰুত্বপূৰ্ণ যাতে কোনেও এনে প্ৰযুক্তিৰ অপব্যৱহাৰ নকৰে। লগতে চাটজিপিটি কো সতৰ্ক কৰি দিয়ে মোডীয়ে ।

Leave A Reply

Your email address will not be published.