ISHAN NEWS – Always One Step Ahead of Time…

বৰফ গলিল ! কানাডৰ নাগৰিকৰ বাবে ভাৰতে মুকলি কৰিলে ই-ভিছা সেৱা ।

0 72

কানাডাৰ নাগৰিকৰ বাবে ভাৰতে ই-ভিছা সেৱা পুনৰ মুকলি কৰিছে। যোৱা প্ৰায় দুমাহ ধৰি ভাৰত-কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত হোৱাৰ পাছত ভাৰতে পুনৰ ই-ভিছা সেৱা আৰম্ভ কৰিছে ।
দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হ’ব জি-২০ সন্মিলনৰ ভাৰ্চুৱেল বৈঠক । কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোও এই বৈঠকত উপস্থিত থাকিব । এই বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে দুয়োখন দেশৰ মাজত ই-ভিছা সেৱা আৰম্ভ কৰাটো দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হৈছে ।
কানাডাৰ পৰা ভাৰতলৈ আহিব লগীয়া লোক সকলৰ বাবে এয়া এক ভাল খবৰ ।
শেহতীয়ি খবৰ মতে , ভাৰতৰ এই পদক্ষেপক কানাডাই আদৰণি জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য মতে , কানাডাত ১,৭৮,৪১০ গৰাকী প্রবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ ১.৫ নিযুতৰো অধিক নাগৰিক বাস কৰে। কানাডিয়ান নাগৰিকত্ব লাভ কৰা ভাৰতীয় মূলৰ লোকসকলকো এই সিদ্ধান্তই পৰা সকাহ দিব ।

Leave A Reply

Your email address will not be published.