ISHAN NEWS – Always One Step Ahead of Time…

বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ৰামায়ণ, মহাভাৰতৰ পাঠ।

0 61

বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব ৰামায়ণ, মহাভাৰতৰ পাঠ। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰম সংশোধনৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল। এই সমিতিয়ে ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্যসমূহ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াই। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বেৰত সংবিধানৰ প্ৰস্তাৱনা লিখাৰ পৰামৰ্শও আগবঢ়াই সমিতিয়ে ।সমিতিৰ অধ্যক্ষ চি আই ইছাকে সদৰী কৰে এই তথ্য ।

সমিতিৰ অধ্যক্ষ চি,আই ইছাকে কয় যে, ৭ম ৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ৰামায়ণ আৰু মহাভাৰত শিকোৱাটো গুৰুত্বপূৰ্ণ।সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীক ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্যৰ শিক্ষা দিয়াত সমিতিয়ে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ জৰিয়তে এজন ছাত্ৰৰ নিজৰ জাতিৰ প্ৰতি আত্মসন্মান, দেশপ্ৰেম আৰু গৌৰৱ বাঢ়ে ।

ইছাকে কয় যে, দেশপ্ৰেমৰ অভাৱৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে দেশ এৰি আন দেশৰ নাগৰিকত্ব লয়। বৰ্তমান কিছুমান শিক্ষা ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীক ৰামায়ণ  পঢ়াই কিন্তু তেওঁলোকে ইয়াক পুৰণি কাহিনি হিচাপে শিকোৱা হয়।এনে শিক্ষা ব্যৱস্থাই কোনো উদ্দেশ্য পূৰণ নকৰে,  আৰু জাতিৰ সেৱাও নকৰে , যদিহে এই মহাকাব্যসমূহ ছাত্ৰ-ছাত্ৰীক শিকোৱা নহয়।

জুলাই মাহত ১৯ জনীয়া ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠদান শিক্ষণ সামগ্ৰী সমিতিয়ে এই সমিতিৰ পৰামৰ্শসমূহ বিবেচনা কৰি শ্ৰেণীসমূহৰ পাঠ্যক্ৰম, কিতাপ আৰু শিক্ষণ সামগ্ৰী চূড়ান্ত কৰাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.