ISHAN NEWS – Always One Step Ahead of Time…

‘দীপফেকৰ’ বিৰুদ্ধে চৰকাৰৰ শক্তিশালী পদক্ষেপ । ISHAN NEWS…

0 47

দীপফেকৰ বিৰুদ্ধে চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব । দীপফেকৰ দৰে ঘটনা সংঘটিত হ’লে যিকোনো লোকে এজাহাৰ দাখিল কৰিব পাৰিব ।

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক সামাজিক মাধ্যমৰ জৰিয়তে এজাহাৰ দাখিল কৰাত সহায় কৰিব। দীপফেকৰ দৰে আপত্তিজনক অনলাইনৰ জৰিয়তে সংঘটিত ঘঠনাৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তি নিয়ম উলংঘনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।


কেন্দ্ৰীয় তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰে কয় যে, আজিৰ পৰা তথ্য প্ৰযুক্তিৰ নিয়ম উলংঘা কৰাৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব চৰকাৰে ।


শেহতীয়াকৈ, দেশত কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে কেইবাটাও দীপফেকৰ ঘটনা সংঘটিত হোৱাৰ পাছতে চকু মুকলি হৈছে চৰকাৰৰ ।

Leave A Reply

Your email address will not be published.