ISHAN NEWS – Always One Step Ahead of Time…

প্ৰধানমন্ত্ৰী মোদী ৰ নিৰাপত্তাত গাফিলতি ।এছ পিকে ধৰি ৭জন আৰক্ষীক নিলম্বন ।   

0 42

২০২২ চনৰ ৫ জানুৱাৰীত পাঞ্জাৱ ভ্ৰমণলৈ গৈ উভতি আহিব লগীয়া হৈছিল প্ৰধানমন্ত্ৰী মোডী । কৃষকে বন্ধ কৰি দিছিল প্ৰধানমন্ত্ৰী মোডীৰ পথ ।ভাতিন্দাৰ পৰা হুছেইনীৱালালৈ গৈ থাকোতে কৃষকে বাটত ট্ৰেক্টৰ পাৰ্কিং বন্ধ কৰি দিছিল পথ । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোডী  উভতি আহিবলগীয়া হৈছিল পাঞ্জাৱৰ পৰা ।

পঞ্জাৱত প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তাৰ দিশত  গাফিলতি কৰা বাবে ফিৰোজপুৰৰ তেতিয়াৰ এছ পি  গুৰবিন্দৰ সিং চাংগাক নিলম্বন কৰা হয় ।ইয়াৰ উপৰিও আৰু ৬ জন আৰক্ষীক নিলম্বন কৰে । এই ঘটনাৰ প্ৰায় দুবছৰৰ পাছত আৰক্ষীৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণ কৰা হয় । ডিজিপিৰ তদন্তৰ প্ৰতিবেদনত গুৰবিন্দৰ সিং সাংগাক  কৰ্তব্যত গাফিলতিৰ বাবে দোষী সাব্যস্ত কৰা হয় ।

উল্লেখ্য , এই ঘটনা সংঘটিত হৈছিল ২০২২ চনৰ ৫ জানুৱাৰীত, যেতিয়া প্ৰধানমন্ত্ৰী মোদী পঞ্জাৱলৈ গৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। কৃষকে বাটত ট্ৰেক্টৰ ৰখাই ঘাইপথ বন্ধ কৰি দিছিল।সেইসময়ত ক’লা পতাকা লৈ প্ৰধানমন্ত্ৰীৰ গাড়ীৰ অতি ওচৰলৈ আহিছিল একাংশ প্ৰতিবাদকাৰী।

পাঞ্জাৱৰ  গৃহ আৰু ন্যায় বিভাগৰ সম্পাদক গুৰকিৰাট কৃপাল সিঙে দিয়া নিৰ্দেশৰ ভিত্তিত গুৰবিন্দৰ সিঙক নিলম্বন কৰা হয় । নিলম্বনৰ সময়ছোৱাত তেওঁ চণ্ডীগড়ৰ ডিজিপি কাৰ্যালয়ৰ সৈতে যোগাযোগত থাকিব লাগিব । অনুমতি অবিহনে ডিজিপিৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই আহিব নোৱাৰিব।

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ গাফিলতিৰ বিষয়টো উচ্চতম ন্যায়ালয়তো উপনীত হৈছিল। বিগত বৰ্ষৰ ১২ জানুৱাৰীত আদালতে গঠন কৰি দিছিল এখন তদন্ত সমিতি। কমিটীৰ প্ৰতিবেদনত পঞ্জাৱৰ তদানীন্তন মুখ্য সচিব অনিৰুদ্ধ তিৱাৰী আৰু ডিজিপি সিদ্ধাৰ্থ চট্টোপাধ্যায়ক দোষী সাব্যস্ত কৰা হয়। 

Leave A Reply

Your email address will not be published.