ISHAN NEWS – Always One Step Ahead of Time…

যুদ্ধবিৰতিৰ সময়ছোৱাত হামাছে মুকলি কৰি দিয়ে পেলেষ্টাইনীক

0 50

হামাছ  আৰু ইজৰাইলৰ  যুদ্ধবিৰতিৰ সময়ছোৱাত শনিবাৰে নিশা হামাছে ইজৰাইলী পণবন্দীৰ দ্বিতীয়টো গোটক মুকলি কৰি দিয়ে।ইয়াৰ বিনিময়ত ইজৰাইলে মুকলি কৰি দিয়ে ৩৯ জন পেলেষ্টাইনীক।যুদ্ধবিৰতি চুক্তিৰ অধীনত হামাছে ১৩ জন ইজৰাইলী আৰু চাৰিজন বিদেশীক মুকলি কৰি দিছিল।মুকলি কৰি দিয়া চাৰিজন বিদেশী থাইলেণ্ডৰ নাগৰিক।

হামাছে মুকলি কৰি দিয়া পণবন্দীসকলৰ ভিতৰত ৮টা শিশু আৰু ৫ গৰাকী মহিলা। ইয়াৰে ৩ টা শিশুৰ বয়স ১০ বছৰৰ তলৰ। হামাছে বন্দীত্বৰ পৰা মুকলি কৰি দিয়া ৫ বছৰীয়া ৰাজ আৰু ৩ বছৰীয়া ভগ্নী আভিভ আৰু মাতৃৰ সৈতে পণবন্দী কৰি ৰাখিছিল।বহু সদস্য এতিয়াও হামাছৰ পণবন্দী হৈ আছে।

 যুদ্ধবিৰতিৰ দ্বিতীয় দিনা হামাছে দ্বিতীয়টো গোটৰ পণবন্দীসকলক মুকলি কৰি দিয়াৰ কাম পিছুৱাই দিছিল।হামাছে কয় যে, ইজৰাইলে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক গাজাত প্ৰৱেশৰ অনুমতি দিয়াৰ লগতে গুলী চলোৱা বন্ধ কৰক।ইফালে হামাছে ইজৰাইলে যুদ্ধবিৰতিৰ চৰ্তসমূহ মানি লোৱা নাই বুলি অভিযোগ কৰিছে।

আনহাতে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, যুদ্ধবিৰতিৰ মাজতে ইজৰাইলৰ সেনাই নিৰাপদ কৰিডৰৰ মাজেৰে পাৰ হৈ যোৱা চিকিৎসকৰ দল এটাক আক্ৰমণ কৰে। এই সময়ছোৱাত উদ্ধাৰৰ বাবে অহা এজন ব্যক্তি গুলী লাগি আহত হয়। একে সময়তে শনিবাৰে গভীৰ নিশা ইজৰাইলী সেনাই পশ্চিম পাৰৰ অফেৰ কাৰাগাৰৰ বাহিৰতো গুলীচালনা কৰে।সেই স্থানত পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়াৰ বাবে অপেক্ষা কৰি আছিল বহুসংখ্যক লোক ।

Leave A Reply

Your email address will not be published.