গুজৰাট টাইটানছৰ অধিনায়কৰ দায়িত্বত শুভমন গিল
আগন্তুক আই,পি,এলৰ বাবে গুজৰাট টাইটানছৰ অধিনায়কৰ দায়িত্ব অৰ্পন কৰিলে শুভমন গিলক। ছ’চিয়েল মিডিয়াত সোমবাৰে এই কথা ঘোষণা কৰিলে গুজৰাট টাইটানছে । অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই গুজৰাট টাইটানছ এৰি যোৱাৰ বাবে শুভমন গিলক দিলে অধিনায়কৰ দায়িত্ব ।
পৰৱৰ্তী ছিজনত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব হাৰ্দিক পাণ্ডিয়াই । মুম্বাই ইণ্ডিয়ানছে আজি ছচিয়েল মিডিয়াৰ যোগেদি আনুষ্ঠানিক ভাবে ঘোষণা কৰে।
২০১৮ চনত আই পি এলত অভিষেক ঘটিছিল গিলৰ । ২০২৩ চনৰ আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল শুভমন গিল। গিলে ৭খন মেচত গড়ে ৫৯.৩৩ ৰান সংগ্ৰহ কৰাৰ লগতে ৮৯০ ৰান সংগ্ৰহ কৰিছিল। এই পৰ্যন্ত ৯১খন মেচত শুভমন গিলে মুঠ ২৭৯০ ৰান সংগ্ৰহ কৰিছে।
গুজৰাট টাইটানছ দলটোৱে ২০২২ চনত প্ৰথমবাৰৰ বাবে আই পি এলত প্ৰৱেশ কৰে। হাৰ্দিকৰ অধিনায়কত্বত দলটোৱে প্ৰথম ছিজনতে চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। ২০২৩ চনত গুজৰাটে ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হৈছিল। ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত কেৰিয়াৰ আৰম্ভ কৰিছিল হাৰ্দিক পাণ্ডিয়াই।পাণ্ডিয়াৰ উপস্থিতিত মুম্বাইয়ে ৪ খন আই পি এল খিতাপ দখল কৰে।