পল লিঞ্চলৈ ‘বুকাৰ বঁটা’
আইৰিছ লেখক পল লিঞ্চলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ বুকাৰ বঁটা । “প্ৰফেট ছং” নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে পল লিঞ্চলৈ । প্ৰায় চাৰি বছৰৰ ভিতৰত লেখি উলিওৱা উপন্যাস খনত ভৱিষ্যতৰ এখন কাল্পনিক জগতৰ সৰ্বগ্ৰাসী ৰূপৰ ভয়ংকৰ ছবি দাঙি ধৰিছে লেখকে । ইয়াৰ মাজতে এগৰাকী মহিলাই নিজৰ পৰিয়ালক ৰক্ষা কৰিবলৈ চেষ্টা চলাইছে ।
১৯৭৭ চনৰ ৯ মে’ত জন্মগ্ৰহণ কৰা পল লিঞ্চ বৰ্তমান আয়াৰলেণ্ডৰ ডাবলিনৰ বাসিন্দা । পল লিঞ্চৰ প্রথম খন উপন্যাস ‘ৰেড স্কাই ইন মৰ্ণিং’, ২০১৩ চনত প্রকাশ পাইছিল । পল লিঞ্চ পূৰ্ণকালীন ঔপন্যাসিক হোৱাৰ পূৰ্বে ২০০৭ চনৰ পৰা ২০১১ চনলৈ আয়াৰলেণ্ডৰ চানডে ট্ৰিবিউন কাকতত মুখ্য চলচিত্র সমালোচক হিচাপে কাম কৰিছিল ।