ISHAN NEWS – Always One Step Ahead of Time…

৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাৰ পৰিকল্পনা

0 60

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ছিল্কয়াৰাৰ সুৰংগৰ মাজত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে এইবাৰ অভিযানৰ পৰিকল্পনা চলাইছে ভাৰতীয় সেনাই । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা জানিবলৈ দিয়ামতে , অগাৰ মেচিনৰ ভঙা অংশ আঁতৰোৱাৰ পাছত উত্তৰকাশীৰ ছিল্কাৰা সুৰংগ হাতেৰে খন্দা কাম আৰম্ভ কৰিছে । একে সময়তে উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে উলম্ব ড্ৰিলিংও আৰম্ভ হৈছে।

জানিব পৰামতে, অগাৰ মেচিনৰ ব্লেড সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হৈছে। ড্ৰিলিং কৰি থাকোঁতে মেচিনৰ ব্লেডবোৰ ষ্টীলৰ জালত আবদ্ধ হৈ পৰিছিল। ড্ৰিলিং মেচিনৰ ব্লেডবোৰ প্লাজমা কাটাৰ আৰু লেজাৰ কাটাৰৰ মাজেৰে কাটি লোৱা হয়।পাছত হাতেৰে ড্ৰিলিং আৰম্ভ কৰা হয়।

এনডিএমএৰ সদস্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে কয় যে সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে। দ্বিতীয় শ্ৰেষ্ঠ বিকল্প বুলি বিবেচিত উলম্ব ড্ৰিলিঙৰ কাম দুপৰীয়াৰ পৰা আৰম্ভ হয় ।  দেওবাৰে হায়দৰাবাদৰ পৰা প্লাজমা কাটাৰ প্ৰেৰণ কৰি ছিল্কয়াৰা সুৰংগৰ ভিতৰত ধ্বংসাৱশেষত আবদ্ধ হৈ থকা অগাৰ মেচিনৰ কিছু অংশ কাটি আঁতৰাই পেলোৱা হয়। উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰিবলৈ বিষয়াসকলে মেচিনটো সম্পূৰ্ণৰূপে আঁতৰাই পেলায় ।

শেহতীয়া পৰিকল্পনা মতে বিশেষজ্ঞ শ্ৰমিকসকলে নিজেই ভিতৰলৈ গৈ সঁজুলিৰ সহায়ত ধ্বংসাৱশেষ আঁতৰাই বাটত থকা ৰডবোৰো কাটি দিব ।এই কামৰ বাবে সময়ৰ  প্ৰয়োজন হব ।ভঙা অংশবোৰ আঁতৰাই দিয়াৰ পিছত আৱদ্ধ শ্ৰমিকসকলৰ ওচৰলৈ যাবলৈ  ১৫ মিটাৰ খনন কৰিব লাগিব যদিও ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হব । উদ্ধাৰ অভিযান সফল কৰাৰ বাবে সংশ্লিষ্ট সকলো সংস্থাই কাম কৰি আছে।

সুৰংগটোৰ মুখৰ পৰা প্ৰায় ৩০৫ মিটাৰ দূৰত্বত থকা পাহাৰৰ পৰা সতলুজ জল বিকাশ নিগমৰ মেচিনৰ সহায়ত ড্ৰিলিং আৰম্ভ কৰিছে। ইয়াৰ পাছত ৮৬ মিটাৰ তলত ড্ৰিলিং কৰিলে শ্ৰমিকসকল আবদ্ধ হৈ থকা সুৰংগটো পোৱা যাব।এই কাম সম্পূৰ্ণ হ’বলৈ চাৰি-পাঁচ দিন সময়ৰ প্ৰয়োজনহব পাৰে।

ইফালে ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিক সকলক ছয় ইঞ্চিৰ পাইপেৰে দৈনিক খাদ্য,পানী আৰু অক্সিজেন যোগান ধৰা হৈছে।অবিৰতভাৱে তেওঁলোকৰ সৈতে কথা পাতি থকা হৈছে ।

Leave A Reply

Your email address will not be published.