ISHAN NEWS – Always One Step Ahead of Time…

পুনৰবাৰ ৰাহুল দ্ৰাবিড় টিম ইণ্ডিয়াৰ প্ৰশিক্ষক

0 82

পুনৰবাৰ ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত দ্ৰাবিড়ৰ চুক্তি শেষ হৈছিল যদিও বিচিচিআইয়ে ৰাহুল দ্ৰাবিড়ক টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে পুনৰ চুক্তি বদ্ধ কৰিছে। জ্যেষ্ঠ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগতে ক্ৰীড়া কৰ্মচাৰী সকলৰো  চুক্তিৰ ম্যাদ বৃদ্ধি কৰিছে। মুখ্য প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ কাৰ্যকাল কিমান দিন বৃদ্ধি কৰিছে সেই তথ্য বিচিচিআইয়ে এতিয়াও সদৰী কৰা নাই ।

বিচিচিআইয়ে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, “শেহতীয়াকৈ সামৰণি পৰা এদিনীয়া বিশ্বকাপ ২০২৩ৰ পাছত ৰাহুল দ্ৰাবিড়ৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ পাছত সকলোৰে সন্মতি সাপেক্ষে চুক্তিৰ ম্যাদ পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।”

এই সন্দৰ্ভত ৰাহুল দ্ৰাবিড়ে কয় যে  ‘ভাৰতীয় দলৰ সৈতে যোৱা দুবছৰ অভিজ্ঞতা স্মৰণীয়। আমি একেলগে উত্থান-পতন দেখিছো আৰু এই সমগ্ৰ যাত্ৰাত দলৰৰ ভিতৰত থকা সমৰ্থন আৰু বন্ধুত্ব আচৰিত ধৰণৰ। আমি যিটো কথাত গুৰুত্ব দিছো সেয়া হ’ল সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰা আৰু প্ৰস্তুতিত অটল থকা, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সামগ্ৰিক ফলাফলত পৰে।মোৰ ওপৰত আস্থা ৰখাৰ লগতে  মোৰ দৃষ্টিভংগীক সন্মান প্ৰদান কৰাৰ বাবে মই বিচিচিআইক ধন্যবাদ জনাইছো।”

Leave A Reply

Your email address will not be published.