ISHAN NEWS – Always One Step Ahead of Time…

বন্দুকৰ গুলীৰ ভয়ত হাঁহিবলৈ আৰু হাত জোকাৰিবলৈ বাধ্য হৈছে হামাছে মুকলি কৰি দিয়া বন্দীয়ে।

0 62

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতিৰ সময়ছোৱাত সোমবাৰে নিশা হামাছে গাজাৰ পৰা ১১ জন ইজৰাইলীক মুকলি কৰি দিয়ে। ইফালে ইজৰাইলত বন্দী হৈ থকা ৫৩ জন পেলেষ্টাইনীক মঙলবাৰে পুৱাই মুকলি কৰি দিয়ে ইজৰাইলে ।

বন্দী সকলক মুক্তিৰ পাছতে সামাজিক মাধ্যমত কেইবাটাও ভিডিঅ ভাইৰেল হৈছে ।হামাছে ইজৰাইলী পণবন্দীসকলক ৰেড ক্ৰছৰ হাতত গতাই দিয়াৰ পাছতে মুক্ত ইজৰাইলীয়ে হাঁহি হাঁহি হামাছ বাহিনীক হাত জোকাৰি বিদায় দিয়ে ।

এই ভিডিঅ’ বোৰত ইজৰাইলক তীব্ৰ সমালোচনা কৰিছে। ইজৰাইলৰ সেনাই এই ভিডিঅ’বোৰ হামাছৰ অপপ্ৰচাৰ বুলি দাবী কৰিছে। বন্দীসকলে বন্দুকৰ গুলীৰ ভয়ত হাঁহিবলৈ আৰু হাত জোকাৰিবলৈ বাধ্য হৈছে।

যুদ্ধবিৰতিৰ সময়ছোৱাত গাজালৈ অধিক ইন্ধন আৰু সাহায্য যোগান ধৰা হৈছে। স্বেচ্ছাসেৱী সংস্থাসমূহৰ মতে, ২৩ লাখ পেলেষ্টাইনীৰ প্ৰয়োজনীয়তাৰ তুলনাত  এয়া তেনেই নগন্য। এতিয়ালৈকে হামাছে ১৯ জন পণবন্দীকে ধৰি মুঠ ৫০ জন ইজৰাইলী আৰু বিদেশী নাগৰিকক মুকলি কৰি দিছে। ইজৰাইলৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে ১৫০ জন পেলেষ্টাইনীয়ে।

আনহাতে, আজি ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে গাজাৰ আক্ৰমণৰ অন্ত পেলাবলৈ আবেদন জনায়।আমেৰিকাৰ এটা সংস্থাৰ সমীক্ষা মতে ৮ অক্টোবৰত হামাছৰ আক্ৰমণৰ পূৰ্বে ৬৭% গাজাবাসীয়ে হামাছৰ শাসনৰ বিৰোধিতা কৰিছিল। ২০০৬ চনত নিৰ্বাচিত হোৱা হামাছ চৰকাৰখন সম্পূৰ্ণ একনায়কত্ববাদী আৰু দুৰ্নীতিগ্ৰস্ত বুলিও স্থানীয় লোকে অভিযোগ কৰে। বিশ্লেষকসকলে দাবী কৰিছে যে, ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণক গাজাৰ গৰিষ্ঠসংখ্যক লোকে সমৰ্থন কৰা নাছিল।

বৰ্তমানৰ যুদ্ধবিৰতিৰ মাজতে কালি ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগক সাক্ষাৎ কৰে আমেৰিকাৰ কোটিপতি এলন মাস্কে।

Leave A Reply

Your email address will not be published.