ISHAN NEWS – Always One Step Ahead of Time…

তেলেংগানাৰ ১১৯খন বিধানসভা আসনৰ ভোটগ্ৰহণ । ISHAN NEWS…

0 79

আজি তেলেংগানাৰ ১১৯খন বিধানসভা আসনৰ বাবে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে, ভোটগ্ৰহণ।পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ৮.৫২ শতাংশ । ৩ কোটি ২৬ লাখৰো অধিক লোকে আজি ভোটাধিকাৰ সাব্যস্ত কৰিব ।ৰাজ্যজুৰি ভোটদানৰ বাবে স্থাপন কৰা হৈছে ৩৫৬৫৫ টা ভোটদান কেন্দ্ৰ। তেলেংগানাত ১১৯খন বিধানসভা আসনৰ বাবে মুঠ ২২৯০ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেলেংগানাত ২০১৪ চনৰ পৰা শাসন চলাই অহা বি আৰ এছে পুনৰবাৰ ক্ষমতা দখলৰ বাবে চেষ্টা চলাইছে।ইয়াৰ বিপৰীতে কংগ্ৰেছেও নিজৰ সকলো শক্তি প্ৰয়োগ কৰিছে ।

তেলেংগানাৰ নিৰ্বাচনত ১১৮খন আসনত অৱতীৰ্ণ হৈছে কংগ্ৰেছ ।আনহাতে কংগ্ৰেছে নিজৰ মিত্ৰ দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (বিকেপি)ক এখন আসন এৰি দিছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে, চন্দ্ৰশেখৰ ৰাৱে গজৱেল আৰু কামাৰেড্ডী নামৰ দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে

আছাদুদ্দিন ওৱাইছিৰ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM) দলে ৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। হায়দৰাবাদ চহৰৰ ৯টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে AIMIM-এ।

তেলেংগানাত প্ৰথমবাৰৰ বাবে বিশেষভাৱে সক্ষম লোক সকলৰ লগতে ৮০ বছৰৰ ওপৰৰ ভোটাৰ সকলে ঘৰতে ভোটদানৰ সুবিধা লাভ কৰিব। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আজি তেলেংগানাৰ আই, টি কোম্পানীকে ধৰি সকলো ব্যক্তিগত প্ৰতিষ্ঠান বন্ধ আছে   ।

Leave A Reply

Your email address will not be published.