ISHAN NEWS – Always One Step Ahead of Time…

বছৰৰ শব্দ ‘ৰিজ’

0 88

২০২৩ বৰ্ষক বিদায় দিয়াৰ সময় সমাগত ।এই বছৰটোত আমি  কি পালো কি হেৰুৱালো এয়াযেন তাৰ হিচাপ লোৱাৰ সময় । ৰাজনীতি, ক্ৰীড়া,  বিনোদন, সাহিত্য, অৰ্থনীতি সকলোতে কোনোবা ক’ৰবাত হেৰাই গৈছে আন কোনোবাই অভিলেখ সৃষ্টি কৰিছে  । ঠিক তেনেদৰে আমি দৈনন্দিন বাক্যত ব্যৱহাৰ কৰা কিছুমান শব্দৰ ব্যৱহাৰ বাঢ়িছে। আন কিছুমান শব্দ হেৰাই গৈছে। এই অহা-যোৱা বাটত কিছুমান নতুন শব্দ জিলিকি উঠিছে । অক্সফৰ্ডে তেনে এটা জিলিকি উঠা শব্দক  ২০২৩ চনৰ শব্দ হিচাপে ঘোষণা কৰিছে। সেই শব্দটো হ’ল ‘ৰিজ’ (‘RIZZ )। অক্সফৰ্ডে এই শব্দটোক ২০২৩ চনৰ  শব্দ হিচাপে বাছি লৈছে। যোৱা এবছৰত এই শব্দটো আমাৰ সমাজত ব্যাপকভাৱে ব্যৱহাৰ হৈছে।  শব্দটোৰ উচ্চাৰণেও ‘ৰিজৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিছে।

প্ৰতি বছৰে অক্সফৰ্ডে বছৰৰ শব্দ হিচাপে এটা শব্দ নিৰ্বাচিত  কৰে ।  এইবাৰ ৰিজ শব্দটোৰ লগতে আৰু আঠটা শব্দই নিৰ্বাচিত কৰিছিল। কিন্তু শেষত শ্ৰেষ্ঠত্বৰ মুকুট জিলিকিল ৰিজৰ মূৰত।

ৰিজ শব্দটো হৈছে এটা ক্ৰিয়া। কাৰোবাৰ প্ৰতি ৰোমান্টিকভাৱে আকৰ্ষিত হোৱাই হৈছে ৰিজ  ।মূলসুঁতিৰ ইংৰাজীত ইয়াৰ প্ৰতিশব্দ আছে। সেইটো হৈছে মনোমোহা। কিন্তু অক্সফৰ্ডৰ সভাপতি গ্ৰেথৱলে কয় যে ৰিজ শব্দটোত অলপ মজা আছে। অলপ দুষ্টামি আছে। যিটো মনোমোহাতাত নাই।

Leave A Reply

Your email address will not be published.