ISHAN NEWS – Always One Step Ahead of Time…

ভয়াৱহ দুৰ্ঘটনা; শস্য ভৰ্তি বস্তাৰ তলত আৱদ্ধ হৈ প্ৰাণ গ’ল ৭ জন শ্ৰমিকৰ

0 54

কৰ্ণাটকৰ বিজয়পুৰৰ ঔদ্যোগিক এলেকাত সংঘটিত হৈছে এক অতি ভয়াৱহ দুৰ্ঘটনা। ইয়াৰ এটা গুদামত শস্য ভৰ্তি শ-শ বস্তাৰ তলত আবদ্ধ হৈ ৭ জনকৈ শ্ৰমিকে প্ৰাণ হেৰুওৱাৰ খবৰ আহিছে।

তথ্য অনুসৰি সোমবাৰে নিশা গুদামটোৰ ষ্ট’ৰেজ ইউনিট ভাঙি পৰাত শস্যভৰ্তি বস্তাবোৰ শ্ৰমিকসকলৰ ওপৰত পৰে। বস্তাসমূহৰ তলত সোমাই পৰিছিল ১০ জন শ্ৰমিক।

গুদামত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বস্তাৰ তলত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে বুলডজাৰ ব্যৱহাৰ কৰা দেখা গৈছে।

ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলালেও বস্তাৰ তলত আবদ্ধ হৈ পৰা ১০ জনৰ ৭জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

আনহাতে জীৱন্তে উদ্ধাৰ কৰা তিনিজন শ্ৰমিকক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহত শ্ৰমিক কেইজন বিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ৰাজগুৰু ইণ্ডাষ্ট্ৰীজ নামৰ এটা ব্যক্তিগত কুঁহিয়াৰ পেকিং গুদামত সংঘটিত হয় এই দুৰ্ঘটনা। এই প্ৰতিষ্ঠানটোত খাদ্য শস্য পেকিং কৰা হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰতিষ্ঠানটোত কমেও ৫০ জন শ্ৰমিক কৰ্মৰত অৱস্থাত আছিল। 

ইফালে ৰাজগুৰু ইণ্ডাষ্ট্ৰীজ আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.