ISHAN NEWS – Always One Step Ahead of Time…

সাগৰীয় ঘূৰ্ণী মিগজুৱামৰ সংহাৰী ৰূপ ।চেন্নাইত৯জনকৈ লোকৰমৃত্যু

0 80

 চেন্নাইত সাগৰীয় ঘূৰ্ণী মিগজুৱামে সংহাৰী ৰূপ ধাৰণ কৰিছে । সাগৰীয় ঘূৰ্ণীৰ কবলত পৰি এইপৰ্যন্ত  চেন্নাইত ৯জনকৈ লোকৰ মৃত্যু হৈছে । বাট-পথ, ঘৰ-দুৱাৰ সকলো জলমগ্ন হৈ পৰিছে চেন্নাইত। ক্ষতিগ্ৰস্ত অঞ্চলৰ লোক সকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

বিভিন্ন স্থানত আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফৰ দল নিয়োগ কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। সাগৰীয় ঘূৰ্ণী  মিগজুৱামৰ ঘণ্টাত ১১০ কিলোমিটাৰ গতিবেগত বলিব বুলি পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে ।

বংগোপসাগৰত উদ্ভৱ হোৱা ঘূৰ্ণীবতাহ মিগজুৱামে অন্ধ্ৰপ্ৰদেশৰ বাপাটলা উপকূলত খুন্দা মাৰিবলৈ আৰম্ভ কৰিছে। অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন স্থানত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে জনোৱা মতে, দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ সমীপত মিগজুৱামে খুন্দিয়াবলৈ আৰম্ভ কৰিছে । আগন্তুক ৩ ঘণ্টা ধৰি ঘূৰ্ণীবতাহ চলি থকাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান মতে , অহা ২ ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণীবতাহ প্ৰায় উত্তৰ দিশলৈ গৈ বাপাটলাৰ ওচৰৰ দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূল অতিক্ৰম কৰি তীব্ৰ ৰূপ ধাৰণ কৰাৰ  সম্ভাৱনা আছে, সৰ্বোচ্চ গতিবেগ ঘণ্টাত ৯০-১০০ আৰু ১১০ পৰ্যন্ত হ’ব পাৰে ।

তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীৰ উপকূলীয় অঞ্চলত অব্যাহত আছে  বৰষুণ ।তামিলনাডুৰ ৰাজধানী চেন্নাইত ব্যাহত হৈছে স্বাভাবিক জীৱন।  বৰষুণৰ সমান্তৰালকৈ ঘণ্টাত ১০০ কিলোমিটাৰ বেগেৰে বতাহ বলিছে, যাৰ ফলত বহু ঠাইত গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰিছে ।

Leave A Reply

Your email address will not be published.