ISHAN NEWS – Always One Step Ahead of Time…

ঘোঁৰা দৌৰৰ ৰাজনীতি । ISHAN NEWS…

0 174

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে দেশৰ নিৰ্বাচন পদ্ধতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি গৈছে। তেখেতৰ মতে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাই শাসকীয় দলক কৈ দিয়ে যে, ‘‘তোমালোকক মই চৰকাৰ গঠন কৰিবলৈ পৰ্যাপ্ত আসন দি দিছো; কিন্তু মনত ৰাখিবা তোমালোকৰ পক্ষত গৰীষ্ঠসংখ্যক জনতাৰ সমৰ্থন নাই।’’

ৰ্থাত্‍ চৰকাৰ যিকোনো দলেই গঠন কৰিব পাৰে কিন্তু দেশৰ জনতাৰ ৫০ শতাংশৰো অধিক লোকৰ সেই চৰকাৰলৈ সমৰ্থন নাই। চৰকাৰ গঠন কৰা মানেই দেশৰ গৰীষ্ঠসংখ্যক জনতাৰ সমৰ্থন নুবুজায়। ভাৰতীয় ৰজানীতিত এই কথা সকলো ৰাজনৈতিক দলে বুজি পায় যদিও সেয়া নুবুজাৰ ভাও ধৰি থাকে। সেইবাবেই শাসনাধীষ্ঠ দলৰ পক্ষত ভোট নিদিয়া সকলক তুচ্ছ-তাচ্ছিল্য কৰিব নেৰে দলৰ নেতা-কৰ্মীয়ে। ভাৰতৰ নিৰ্বাচন পদ্ধতিটো জনা যায় First Pass The Post চমুকৈ FPTP হিচাপে। এই FPTP ব্যৱস্থা ঘোঁৰা দৌৰৰ সৈতে জড়িত। ঘোঁৰা দৌৰ প্ৰতিযোগিতাত অন্তিম স্থানত এটা খুঁটা থাকে। যিটো ঘোঁৰাই প্ৰথমে সেই খুঁটা অতিক্ৰম কৰিব সেই ঘোঁৰাটোকে প্ৰথম হিচাপে নিৰ্বাচিত কৰা হয়। এই ক্ষেত্ৰত প্ৰথম হোৱা ঘোঁৰাটোৱে দ্বিতীয়টোতকৈ কিমান মিঃ বা ছেঃমিঃ বা মিঃমিঃ আগত পালে সেয়া হিচাপৰ বিষয় নহয়। সেয়াই FPTP. ভাৰতৰ নিৰ্বাচনৰ ক্ষেত্ৰতো বিজয়ী প্ৰাৰ্থীয়ে এটা ভোটত নে লাখ ভোটত জয়ী হ’ল, সেয়া ধাৰ্য নহয়। এটা ভোটত জয়ী হৈয়ো দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰি। ১ লাখৰ ভিতৰত কোনোবাই ১০ হাজাৰ ভোট পায়ো বিধায়ক হ’ব পাৰে। অৰ্থাত্‍ ১ লাখৰ ৯০ হাজাৰ লোকৰ সমৰ্থন নাথাকিলেও ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাত বিধায়ক-সাংসদ হ’ব পাৰে। যি ব্যৱস্থা ইজৰাইলত নাই। ইজৰাইলত ভোট ব্যক্তিক দিয়া নহয়। ভোট দিয়া হয় দলক। যি দলৰ ভোটৰ অংশ যিমান সেই হিচাপত আসনৰ বিতৰণ। অৰ্থাত্‍ কোনো দলে যদি দেশৰ মুঠ ভোটদানৰ ১৫% লাভ কৰে তেনেহ’লে দলটোৱে সৰ্বমুঠ আসনৰ ১৫% আসন লাভ কৰিব। অৰ্থাত্‍ যদি ইজৰাইলৰ সাংসদ বা Knessetত আসনৰ সংখ্যা ১২০ হয়; তেনেহ’লে ১৫% ভোট লাভ কৰা দলটোৱে লাভ কৰিব ১৮খন আসন। অৰ্থাত্‍ যি দললৈ জনতাৰ যিমান সমৰ্থন সেই হিচাপত Knessetত আসনৰ ভাগ বিতৰণ।

       সেয়া যিয়েই নহওক কিয়, আমাৰ দেশৰ ব্যৱস্থা যিহেতু ইজৰাইলৰ দৰে নহয়, গতিকে আমি ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ নিয়মৰ মাজতে থাকিব লাগিব। দেশৰ এনে ব্যৱস্থাৰ বাবেই আজি পৰ্যন্ত ভাৰতত সংখ্যাগৰীষ্ঠ ভোটাৰৰ জৰিয়তে চৰকাৰ গঠন হোৱা নাই। ভাৰতৰ সংসদীয় ৰাজনীতিৰ ইতিহাসত ৰাজীৱ গান্ধীৰ নেতৃত্বত কংগ্ৰেছে সৰ্বাধিক ৪০৪ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল। সেয়া আছিল ১৯৮৪ৰ লোকসভা নিৰ্বাচন। ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পিছত সাংঘাতিকভাৱে আৱেগিক ঢৌ বৈছিল কংগ্ৰেছৰ পক্ষত। সেয়ে ৫১২ খন লোকসভা আসনৰ ৪০৪ খনেই লাভ কৰিছিল কংগ্ৰেছে। কিন্তু সমগ্ৰ দেশত চলা তেনে ঢৌৰ পিছতো কংগ্ৰেছৰ পক্ষত জনতাৰ ৰায়দান আছিল ৪৯.১%। অৰ্থাত্‍ প্ৰায় ৫১% লোকে পচন্দ কৰা নাছিল কংগ্ৰেছক। ১৯৬২ৰ সাধাৰণ নিৰ্বাচনত জৱাহৰলাল নেহৰুৰ নেতৃত্বত ৩৭২ খন আসনেৰে কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। সেয়াও আছিল এক অভিলেখ। কিন্তু নেহৰুৰ কংগ্ৰেছ দলক সমৰ্থন কৰিছিল ৪৪.৭% ভোটাৰে। অৰ্থাত্‍ নেহৰুৰ জনপ্ৰিয় চৰকাৰখন গঠনৰ ক্ষেত্ৰত ৫৫.৩% লোকৰ সমৰ্থন নাছিল। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৫৪৩ খন আসনৰ ভিতৰত ৩৫৩ খন আসন লাভ কৰি অভিলেখ গঢ়িছিল। কিন্তু বিজেপি মিত্ৰজোঁটে ভোট লাভ কৰিছিল মাথোঁ ৪৫%। অৰ্থাত্‍ ৫৫% লোকৰ মত বিজেপি মিত্ৰজোঁটৰ সপক্ষত নাছিল। শেহতীয়াকৈ হৈ যোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনতো দেখা গৈছে যে বিজেপি, কংগ্ৰেছ যি দলেই নহওক কিয় কোনো দলে ৫০%  জনতাৰ সমৰ্থন লাভ কৰিব সক্ষম হোৱা নাই। চত্তীশগড়ত বিজেপিয়ে পাইছে ৪৬.৩% ভোটাৰ ৰাইজৰ সমৰ্থন। ৰাজস্থানত বিজেপিৰ বাবে এই সংখ্যা ৪১.৭%, একেদৰে মধ্যপ্ৰদেশত ৪৮.৬%। তেলেংগানাত সংখ্যাগৰীষ্ঠ দল কংগ্ৰেছে পাইছে ৩৯.৪% জনতাৰ সমৰ্থন। মিজোৰামত চৰকাৰ গঠন কৰিবলৈ ওলোৱা ZPM দলে শেহতীয়া নিৰ্বাচনত লাভ কৰিছে ৩৭.৮৬% ভোটাৰ ৰাইজৰ সমৰ্থন। এই সমস্ত উদাৰহণৰ পৰা এটা কথা স্পষ্ট যে স্বাধীন ভাৰতৰ বুৰঞ্জীত সংখ্যাগৰীষ্ঠ জনতাই চৰকাৰ গঠন কৰা নাই। নেহৰুৰ পৰা মোদী চৰকাৰলৈ, সকলোৰে ক্ষেত্ৰত জনতা সংখ্যাৰ দিশত বিৰোধীৰ আসনত আছে। গতিকে প্ৰতিখন চৰকাৰৰে প্ৰত্যাহ্বান হোৱা উচিত কিদৰে ৫০%তকৈ অধিক জনতাৰ সমৰ্থন আদায় কৰিব পাৰি। দেশৰ গৰীষ্ঠসংখ্যক জনতাৰ ক্ষোভ ক’ত? তেওঁলোকে কি বিচাৰে? সেয়া বিচাৰি উলিয়াব লাগিব নিৰ্বাচিত চৰকাৰখনে। যদি নিৰ্বাচিত চৰকাৰখনে তেওঁলোকক ভোট নিদিয়া সকলক তুচ্ছ-তাচ্ছিল্য বা উপেক্ষা কৰে তেনেহ’লে সেই চৰকাৰৰ কোনো কৃতিত্বই নাই। নিৰ্বাচিত চৰকাৰে মনত ৰাখিব লাগিব যে তেওঁলোকক বেয়া পাই ভোট নিদিয়া লোকৰ সংখ্যা তেওঁলোকৰ সমৰ্থনতকৈ বহু বেছি। 

Leave A Reply

Your email address will not be published.