ISHAN NEWS – Always One Step Ahead of Time…

৪৩টা বলত ১৯৩ ৰানৰ বিধ্বংসী ইনিংছ; টি-১০ ক্ৰিকেটত নতুন অভিলেখ । ishan news…

0 66

ক্ৰিকেট যে অনিশ্চয়তাৰ খেল তাক পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী বেটাৰে। এই বেটছমেনগৰাকীৰ নাম হামজা চেলিম ডাৰ। এই বেটছমেনগৰাকীয়ে মাত্ৰ ৪৩টা বলতে খেলিছে ১৯৩ ৰানৰ দুৰ্দান্ত ইনিংছ।

তেওঁ ৪৪৯ৰ অবিশ্বাস্য ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰিছে, অৰ্থাৎ প্ৰতিটো বলত ৪ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিছে।

স্পেইনত অনুষ্ঠিত হৈ থকা ইউৰোপীয় ক্ৰিকেট ছিৰিজত এই বিধ্বংসী ইনিংছ খেলিছে হামজাই। ইয়াৰ লগে লগে তেওঁ টি-১০ ক্ৰিকেট ফৰ্মেটত সৰ্ববৃহৎ ইনিংছ খেলাৰো অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, মঙলবাৰে ইউৰোপীয় ক্ৰিকেট ছিৰিজত কেটালুনিয়া জাগুয়াৰ আৰু সোহাল হাস্পিটেলেটৰ মাজত এখন খেল অনুষ্ঠিত হয়। ইয়াত কেটালুনিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি হামজাৰ বিধ্বংসী ইনিংছৰ সহায়ত তেওঁলোকে মাত্ৰ ১০ অভাৰতে ২৫৭ ৰান সংগ্ৰহ কৰিছিল।

উল্লেখণীয় যে দলৰ মুঠ স্ক’ৰৰ ৭৫% ৰান সংগ্ৰহ কৰিছিল হামজাই।

২২টা ছয় আৰু ১৪টা চাৰিৰে হামজাই নিজৰ ইনিংছটো সজাইছিল। ইয়াৰ লগে লগে হামজাই টি-১০ ক্ৰিকেট ফৰ্মেটত লুইছ ডু প্লুইৰ সৰ্ববৃহৎ ইনিংছতকৈ ৩০ ৰান অধিক সংগ্ৰহ কৰে।

হাংগেৰীৰ হৈ খেলা লিউছে চলিত বৰ্ষৰ ৫ অক্টোবৰত ৪০টা বলত ১৬৩ ৰান সংগ্ৰহ কৰিছিল।

Leave A Reply

Your email address will not be published.