ISHAN NEWS – Always One Step Ahead of Time…

প্ৰয়োজনীয় পুষ্টিকৰ উপাদান হেৰুৱাই পেলাইছে চাউল আৰু ঘেঁহুৱে! অধ্যয়নত প্ৰকাশ এই তথ্য  

0 136

ভাৰতত উৎপাদন হোৱা ধান আৰু ঘেঁহুৰ জাতসমূহে স্বাস্থ্যৰ অনুকূল অত্যাৱশ্যকীয় খনিজ পদাৰ্থ হেৰুৱাই পেলাইছে বুলি দাবী কৰিছে একাংশ বিজ্ঞানীয়ে।

বৰ্তমানৰ খেতি কৰা ধান আৰু ঘেঁহুৰ জাতৰ শস্যত কেলচিয়াম, আইৰণ, জিংককে ধৰি অত্যাৱশ্যকীয় উপাদানৰ ঘনত্ব ষাঠিৰ দশকৰ শস্যতকৈ ১৯ শতাংশৰ পৰা ৪৫ শতাংশৰ ভিতৰত কম বুলি বিজ্ঞানীসকলে জানিবলৈ দিছে।

বংগৰ বিজ্ঞানীসকলৰ নেতৃত্বত চলা এই অধ্যয়নত দেখা গৈছে যে সমগ্ৰ দেশতে খেতি কৰা কিছুমান ল্যাণ্ডমাৰ্ক জাতৰ ধানৰ শস্যত ১৯৬০ চনৰ শস্যৰ তুলনাত প্ৰায় ১৬গুণ বেছি আৰ্ছেনিক আৰু চাৰিগুণ বেছি ক্ৰ’মিয়ামৰ মাত্ৰা।

কিন্তু বৰ্তমানৰ ঘেঁহুৰ শস্যত ১৯৬০ চনৰ ঘেঁহুৰ তুলনাত আৰ্ছেনিক আৰু ক্ৰ’মিয়ামৰ মাত্ৰা কম বুলি চাইন্টিফিক ৰিপ’ৰ্টছ আলোচনীত প্ৰকাশ পাইছে।

আৰ্ছেনিক আৰু ক্ৰ’মিয়াম সম্ভাৱ্য বিষাক্ত মৌল যিয়ে স্বাস্থ্যজনিত ক্ষতিকাৰক প্ৰভাৱ পেলায়।

তেওঁলোকৰ এই তথ্যই প্ৰকাশ কৰে যে সেউজ বিপ্লৱে উৎপাদন বৃদ্ধি কৰি ভাৰতক খাদ্যৰ ক্ষেত্ৰত স্বাৱলম্বীতা লাভ কৰাত সহায় কৰিলেও দেশৰ আটাইতকৈ জনপ্ৰিয় কাৰ্বহাইড্ৰেটৰ মূল খাদ্য চাউল আৰু ঘেঁহুৰ খাদ্যৰ মূল্যৰ অৱনতি ঘটিছে।

‘এয়া হ’ব বুলি কোনেও কল্পনা কৰা নাছিল’, বংগৰ মোহনপুৰৰ বিধান চন্দ্ৰ কৃষি বিদ্যালয়ৰ ভূ বিজ্ঞানৰ অধ্যাপক বিশ্বপতি মণ্ডলে এইদৰে কয়।

মণ্ডল আৰু অন্যান্য কৃষি গৱেষণা কেন্দ্ৰৰ সহযোগী আৰু হায়দৰাবাদৰ নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচনৰ এজন বিজ্ঞানীয়ে অত্যাৱশ্যকীয় খনিজ পদাৰ্থৰ অভাৱৰ ফলত জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, হাড়ৰ গঠনৰ বাবে কেলচিয়াম, হিম’গ্লবিনৰ বাবে আইৰণৰ প্ৰয়োজন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু প্ৰজনন আৰু স্নায়ুজনিত স্বাস্থ্যৰ বাবে জিংক গুৰুত্বপূৰ্ণ।

Leave A Reply

Your email address will not be published.