বিশ্ববিদ্যালয়ত ভয়ংকৰ গুলীচালনা; ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
আমেৰিকাৰ লছ ভেগাছৰ এখন বিশ্ববিদ্যালয়ত সংঘটিত হৈছেো ভয়ংকৰ গুলীচালনা। এই ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, গুলীচালনা কৰা সন্দেহযুক্ত লোকজনো নিহত হৈছে। গুলীচালনা সংঘটিত হৈছিল নেভাদা বিশ্ববিদ্যালয়ত।
এই ঘটনা সন্দৰ্ভত লছ ভেগাছ মেট্ৰ’পলিটান আৰক্ষী বিভাগে ছ’চিয়েল মিডিয়াত কয়, ‘ঘটনাস্থলীত উপস্থিত আমাৰ তদন্তকাৰীৰ মতে আমাৰ তিনিজন ভুক্তভোগীৰ মৃত্যু হৈছে আৰু আন এজন ভুক্তভোগীৰ অৱস্থা সংকটজনক অৱস্থাত আছে স্থানীয় চিকিৎসালয়ত। এই ঘটনাত গুলীচালনাকাৰীজনো নিহত হৈছে’।
গুলীচালনা আৰম্ভ হোৱাৰ তিনি ঘণ্টা পাছত, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোকসকলক নিজৰ নিজৰ ঠাইতে আশ্ৰয় ল’বলৈ আহ্বান জনাইছে আৰু আৰক্ষীয়ে অট্টালিকাসমূহ এটা এটাকৈ খালী কৰাৰ কাম কৰি আছে আৰু তদন্ত চলি থকা বুলি কয়।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে আৰক্ষী আপোনালোকৰ ওচৰলৈ আহিব আৰু নিৰ্দেশনা অনুসৰণ কৰি শান্তিৰে বাহিৰলৈ ওলাই আহিব।
উল্লেখ্য যে, আমেৰিকাত গুলীচালনাৰ কাণ্ড নতুন কথা নহয়। ইয়াত সহজে বন্দুক উপলব্ধ হোৱাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে।