২০২২ চনৰ ১১ অক্টোবৰত লিখিছিল, ‘শৈশৱত মই কেতিয়াও ভবা নাছিলো যে মই নক্সালবাদী হম। মই যেতিয়া নক্সালবাদী আছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই অধিবক্তা হম। মই যেতিয়া অধিবক্তা হৈছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই বিধায়ক হম। মই যেতিয়া বিধায়ক আছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই পি এইচ ডি কৰিম। এতিয়া আপুনি মোক ড০ অনুসূয়া সীতাক্কা, পি এইচ ডি, ৰাজনীতি বিজ্ঞান বুলি ক’ব পাৰে’।
বৃহস্পতিবাৰে ৰেভন্থ ৰেড্ডী নেতৃত্বাধীন তেলেংগানা চৰকাৰত কেবিনেট মন্ত্ৰীৰূপে শপত লোৱা অনুসূয়া সীতাক্কাই এবছৰ পূৰ্বে এইদৰে মন্তব্য কৰিছিল।
৫২ বছৰীয়া অনুসূয়াই মাত্ৰ ১৪ বছৰ বয়সতে নক্সালত যোগদান কৰিছিল। কিন্তু ক্ৰমান্বয়ে মোহভংগ হৈ ১৯৯৭ চনত তেওঁ আত্মসমৰ্পণ কৰিছিল।
শিক্ষাৰ প্ৰতি তেওঁৰ উদ্যম ইমানেই প্ৰবল আছিল যে জেইলৰ পৰাই দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু মূলসুঁতিলৈ ঘূৰি অহাৰ পিছত পুনৰ পঢ়া-শুনা আৰম্ভ কৰিছিল।
এল এল বি শিক্ষা গ্ৰহণ কৰি তেওঁ আইন চৰ্চা আৰম্ভ কৰিছিল আৰু তাৰ পিছত ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা গট্টি কয়া জনগোষ্ঠীৰ সামাজিক বৰ্জন আৰু বঞ্চনাৰ বিষয়ত পি এইচ ডি লাভ কৰিছিল।
ব্যাপক জনপ্ৰিয় তথা প্ৰাক্তন নক্সালবাদী সেনাপতিগৰাকীক মন্ত্ৰিত্বৰ দায়িত্ব প্ৰদান কৰি কংগ্ৰেছে সাহস আৰু দূৰদৰ্শিতা প্ৰদৰ্শন কৰিছে।
হাতত বন্দুক তুলি লৈ হাবিয়ে হাবিয়ে লুকাই থাকি আৰক্ষীৰ গুলীচালনাৰ পৰা হাত সাৰি থকা অনুসূয়াই আজি মন্ত্ৰিত্ব লাভ কৰা বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে।
বন্দুক এৰি মূলসুঁতিলৈ ঘূৰি অহা অনুসূয়াই আৰম্ভণিতে তেলেগু দেশম পাৰ্টীত যোগদান কৰিছিল আৰু ২০০৯ চনত প্ৰথমবাৰৰ বিধায়ক হৈছিল। ইয়াৰ পিছত কংগ্ৰেছ দলত যোগদান কৰি ২০১৮ চনত পুনৰবাৰ বিধানসভালৈ নিৰ্বাচিত হয়।
উল্লেখ্য যে, সীতাক্কা নামেৰে পৰিচিত অনুসূয়াই নক্সালবাদ এৰিছিল যদিও তেওঁৰ স্বামীয়ে কিন্তু মূলসুঁতিলৈ অহা নাছিল আৰু পিছত আৰক্ষীৰে সংঘৰ্ষত তেওঁৰ মৃত্যু হৈছিল।
ক’ভিড মহামাৰীৰ সময়ত নিজৰ জীৱনৰ কথা নাভাবি আৰ্তজনক নিস্বাৰ্থভাৱে কৰা সহায়ৰ বাবে তেওঁ দেশবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
আদ-বয়সীয়া মহিলাগৰাকীয়ে সেই সময়ত মূৰত ডাঙৰ-ডাঙৰ বেগ লৈ জংঘলত বাস কৰা জনজাতীয় লোকসকলক অত্যাৱশ্যকীয় খাদ্য যোগান ধৰাৰ ফটো ভাইৰেল হৈ পৰিছিল।
ইয়াৰ উপৰি, ভাৰত জোড়ো যাত্ৰাৰ সময়তো অনুসূয়াই ৰাহুল গান্ধীৰ সৈতে একেলগে তেলেংগানা ভ্ৰমি জনপ্ৰিয়তা অৰ্জন কৰিছিল।
উল্লেখ্য যে, অনুসূয়াৰ কাম-কাজৰ ওপৰত কেন্দ্ৰীয় নেতৃত্ব ইমানেই সন্তুষ্ট আছিল যে তেওঁক মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকাৰ লগতে ছত্তীশগড় ৰাজ্যৰো দায়িত্ব দিয়া হৈছিল।
ৰাজনৈতিক বিশ্লেষক তথা ৰাজনীতিৰ ভূ-ৰখা লোকসকলে আশা কৰে যে ভৱিষ্যতে অনুসূয়াৰ ৰাষ্ট্ৰীয় ৰাজনীতিত ব্যাপক উত্থান ঘটিব।