শনিবাৰে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। গভীৰ নিশা এখন চাৰিচকীয়া বাহনে ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত অগ্নিকাণ্ডত এটি শিশুসহ ৮ জন যাত্ৰীৰ মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, বৰেলীত চেণ্ট্ৰেল লকড গাড়ীত আৱদ্ধ হৈ ৭ জন প্ৰাপ্তবয়স্ক আৰু এটি শিশুৰ মৃত্যু হয়। দুৰ্ঘটনাস্থলৰ ফুটেজত স্পষ্টৰূপত নাইনিতাল ঘাইপথত এখন ট্ৰাকৰ সৈতে চাৰিচকীয়া বাহনখন জ্বলি থকা দেখা গৈছে।
আশংকা কৰা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত গাড়ীৰ দুৱাৰবোৰ জাম হৈছিল আৰু সেয়ে গাড়ীৰ পৰা কোনো যাত্ৰী ওলাই আহিব পৰা নাছিল।
বৰেলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশীল চন্দ্ৰ ভান ধূলে কয়, ‘গাড়ীখন বিপৰীত লেনত গৈ এখন ট্ৰাকত খুন্দা মাৰে। এই দুৰ্ঘটনা সংঘটিত হৈছে ভোজীপুৰাৰ সমীপৰ ঘাইপথত। গাড়ীখনে এখন ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত জুই লাগিছিল। গাড়ীখন চেণ্ট্ৰেল লক আছিল, সেয়ে জুইৰ বাবে ভিতৰত থকা যাত্ৰীবোৰে প্ৰাণ হেৰুৱাই’।