স্ত্ৰীৰ বয়স ১৮ বছৰ বা তাতকৈ অধিক, তেন্তে বৈবাহিক ধৰ্ষণ অপৰাধ নেকি? আদালতৰ চাঞ্চল্যকৰ ৰায় । ISHAN NEWS…
বৈবাহিক ধৰ্ষণৰ বিতৰ্কিত বিষয়টোক লৈ একেধৰণৰ ৰায়দান প্ৰদান কৰিছে দেশৰ দুখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ে। যদি পত্নীৰ বয়স ১৮ বছৰ বা তাতকৈ অধিক, তেন্তে বৈবাহিক ধৰ্ষণ অপৰাধ নেকি?
এই প্ৰসংগত এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা চাঞ্চল্যকৰ ৰায় প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে পত্নীৰ বয়স ১৮ বছৰ বা তাতকৈ অধিক হ’লে ভাৰতীয় দণ্ডবিধিৰ অধীনত বৈবাহিক ধৰ্ষণক অপৰাধ বুলি গণ্য কৰিব নোৱাৰি।
শেহতীয়াকৈ এগৰাকী মহিলাই এলাহাবাদ উচ্চ ন্যায়ালয়ত স্বামীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছিল। স্বামীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খাৰিজ কৰি ন্যায়াধীশ ৰামমনোহৰ নাৰায়ণ মিশ্ৰৰ বিচাৰপীঠে এই চাঞ্চল্যকৰ ৰায় প্ৰদান কৰে।
উল্লেখ্য যে, বৈবাহিক ধৰ্ষণক এতিয়াও দেশৰ সৰ্বোচ্চ ন্যায়ালয় অৰ্থাৎ উচ্চতম ন্যায়ালয়ে অপৰাধ বুলি গণ্য কৰা নাই। গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে।
কিন্তু বৈবাহিক ধৰ্ষণৰ কোনো অপৰাধমূলক আইন নাই। এই কাৰণেই পত্নীৰ বয়স ১৮ বছৰ বা তাতকৈ অধিক হ’লে বৈবাহিক ধৰ্ষণৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাত স্বামীক দোষী সাব্যস্ত কৰিব নোৱাৰিব আদালতে। এই ক্ষেত্ৰত স্বামীক কোনো জৰিমনাও বিহা নহয়।