BSP-ৰ নতুন উত্তৰাধিকাৰীৰ নাম ঘোষণা মায়াৱতীৰ । ishan news…
বহুজন সমাজবাদী পাৰ্টী চমুকৈ বি এছ পি দলৰ নতুন উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰে মায়াৱতীয়ে। দেওবাৰে লক্ষ্ণৌত অনুষ্ঠিত বিএছপিৰ বৈঠকৰ পাছতে মায়াৱতীয়ে আনুষ্ঠানিকভাৱে ভতিজা আকাশ আনন্দক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে।
কিন্তু উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দায়িত্ব জ্যেষ্ঠ নেত্ৰীগৰাকীৰ হাততে থাকিব আৰু বাকীখিনি আকাশে চম্ভালিব বুলি সূত্ৰই প্ৰকাশ কৰিছে।
নিউজ এজেন্সি এএনআইৰ আগত বিএছপি নেতা উদবীৰ সিঙে কয় যে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে আকাশ আনন্দৰ নাম উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰিছে।
উল্লখ্য যে, আকাশ মায়াৱতীৰ সৰু ভাই আনন্দ কুমাৰৰ পুত্ৰ। আনন্দ মায়াৱতীৰ খুব ঘনিষ্ঠ। সেয়ে দলৰ দায়িত্ব তেওঁৰ ২৮ বছৰীয়া পুত্ৰৰ হাতত অৰ্পণ কৰা হ’ব বুলি দলীয় নেতা-কৰ্মী নিশ্চিত আছিল।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে আকাশে লাইমলাইটলৈ আহে। লোকসভা নিৰ্বাচনৰ বাবে বিএছপিৰ তাৰকা প্ৰচাৰকৰ তালিকাত তেওঁৰ নাম আছিল দুই নম্বৰত।
ইফালে চাৰিখন ৰাজ্যৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনতো আকাশে বিএছপিৰ দায়িত্ব লৈছিল। ৰাজস্থানত বিএছপিয়ে দুখন আসন লাভ কৰে। আন ৰাজ্যত ভোটৰ হাৰ অক্ষুণ্ণ ৰখাৰ বাবেও বহুতে কৃতিত্ব দিয়ে আকাশক।