নামাজ পঢ়িবলৈ অতিৰিক্ত সময় নাপাব ৰাজ্যসভাত ।
ৰাজ্যসভাত নামাজ পঢ়িবলৈ অতিৰিক্ত ৩০ মিনিট সময় নাপাব সাংসদ সকলে । ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ এক ডাঙৰ সিদ্ধান্ত । সংসদৰ কাৰ্যসূচী চলি থকাৰ সময়ত লাভ কৰা অতিৰিক্ত আধা ঘণ্টাৰ বিৰতিৰ নিয়ম এতিয়াৰ পৰা সমাপ্ত ।
ৰাজ্যসভাত শুক্ৰবাৰৰ দিনটোত দুপৰীয়াৰ আহাৰৰ বিৰতিৰ সময় পূৰ্বতে ১ বজাৰ পৰা ২.৩০ বজালৈ আছিল । ইয়াৰে অতিৰিক্ত আধা ঘণ্টা অৰ্থাৎ ২ বজাৰ পৰা ২.৩০ বজালৈ এই সময়খিনি দিয়া হৈছিল নামাজ পঢ়াৰ বাবে । বছৰ বছৰ ধৰি ৰাজ্যসভাত চলি অহা এই নিয়ম এতিয়া নাইকিয়া কৰিলে ৰাজ্যসভাৰ সভাপতিয়ে ।
কাৰণ লোকসভাত দুপৰীয়া আহাৰৰ বিৰতিৰ সময় ১ বজাৰ পৰা ২ বজালৈ, সেই পৰিপ্ৰক্ষিতত লোকসভাৰ নিয়মৰ লগত সংগতি ৰাখিয়েই অতিৰিক্ত ৩০ মিনিট সময়ৰ ব্যৱস্থা নোহোৱা কৰা হৈছে ৰাজ্যসভাত । যিহেতু লোকসভা আৰু ৰাজ্যসভা দুয়োখন মজিয়াই সদনৰ অন্তৰ্গত । সেইকাৰনে দুয়োখন সংসদৰ কামৰ সময়ৰ মাজত ব্যৱধান থাকিব নালাগে ।