আজি দেশৰ শীৰ্ষ আদালতে জম্মু-কাশ্মীৰৰ সৈতে জড়িত সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিষয়ে শুনানি গ্ৰহণ কৰি ঐতিহাসিক ৰায় প্ৰদান কৰে।উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰাৰ লগতে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তক বৈধ বুলি বিবেচনা কৰে । শুনানিৰ সময়ত CJI য়ে কয় যে, “আমাক ছলিচিটৰ জেনেৰেলে কৈছিল যে, জম্মু-কাশ্মীৰক ৰাজ্যৰ অধিকাৰ ঘূৰাই দিয়া হ’ব। ইফালে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হৈয়ে থাকিব। আমি আমাৰ নিৰ্দেশত কওঁ যে, নিৰ্বাচন আয়োগে ইয়াৰ ভিত্তিত ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰ পুনৰীক্ষণ কৰিব।”
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে আজি সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্ত বাহাল ৰখাৰ ৰায় ঘোষণা কৰে।জম্মু কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। ন্যায়ালয়ে নিৰ্বাচন আয়োগক জম্মু কাশ্মীৰত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে । CJIৰ উপৰিও এই বিচাৰপীঠত ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাৱৈ আৰু ন্যায়াধীশ সূৰ্য কান্তো উপস্থিত আছিল।উল্লেখ্য যে , উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে ১৬ দিনৰ বিতৰ্কৰ অন্তত ৫ ছেপ্টেম্বৰত সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, ৰাজ্য খনত জাপি দিয়া ৰাষ্ট্ৰপতি শাসন সন্দৰ্ভত আমি কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। পৰিস্থিতি অনুসৰি ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব পাৰি। ৩৫৬ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ ক্ষমতা আছে। ইয়াক প্ৰত্যাহ্বান জনাব নোৱাৰি। ৰাষ্ট্ৰপতিৰ শাসন সন্দৰ্ভত কেন্দ্ৰই ৰাজ্য চৰকাৰৰ হৈ সিদ্ধান্ত ল’ব পাৰে।
ইয়াৰ উপৰিও আদালতে কয়, যেতিয়া ৰাজা হৰি সিঙে ভাৰতৰ সৈতে একত্ৰীকৰণ চুক্তি স্বাক্ষৰ কৰিছিল তেতিয়া জম্মু-কাশ্মীৰৰ সাৰ্বভৌমত্বৰ অন্ত পৰাৰ লগতে ভাৰতৰ অধীন হৈ পৰে। তেতিয়াৰ পৰা জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ পৰে । জম্মু-কাশ্মীৰৰ সংবিধানতকৈ ভাৰতৰ সংবিধান উচ্চ।
আদালতত এটৰ্নী জেনেৰেল আৰ, ভেংকটাৰমণি, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে, ৰাকেশ দ্বিবেদী, ভি গিৰি আদিয়ে কেন্দ্ৰীয় চৰকাৰে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তৰ পোষকতা কৰে। একে সময়তে আৱেদনকাৰীৰ হৈ কপিল ছিবাল, গোপাল সুব্ৰমণিয়াম, ৰাজীৱ ধৱন, জাফৰ শ্বাহ, দুষ্যন্ত দাৱে আদি জ্যেষ্ঠ অধিবক্তাই যুক্তি দাঙি ধৰে।