ISHAN NEWS – Always One Step Ahead of Time…

নাৰ্গিছ মহম্মদীৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে নাৰ্গিছীৰ দুই যমজ সন্তানে

0 116

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী  সমাজকৰ্মী নাৰ্গিছ মহম্মদীৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে নাৰ্গিছীৰ দুই যমজ সন্তানে । ইৰাণৰ সমাজকৰ্মী নাৰ্গিছীৰ সন্তান আলী ৰহমানী আৰু কিয়ানা ৰহমানীয়ে মাতৃৰ হৈ  বঁটা গ্ৰহণ কৰে ।   

নৰৱেৰ ৰাজধানী অছলোত দেওঁবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান  কৰা হয় । এই বঁটাত আছে সোণৰ পদক, প্রমাণ পত্র আৰু ১১ মিলিয়ন ছুইডিছ ডলাৰ । ভাৰতীয় টকাৰ হিচাপত এই ধনৰ মুল্য প্ৰায় ৮.২২ কোটি টকা

বঁটা গ্ৰহণ কৰি নাৰ্গিছীয়ে কাৰাগাৰৰ পৰা লেখা ভাষণ পাঠ কৰে নাৰ্গিছীৰ সন্তানে । ভাষণত কাৰাগাৰৰ কদৰ্য পৰিবেশ আৰু ইৰাণৰ স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰাৰ লগতে আন কেইবাটাও বিষয় সন্দৰ্ভত নাৰ্গিছীয়ে নিজৰ মতামত দাঙি ধৰে।

উল্লেখ্য যে , ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় ইৰাণৰ সংগ্ৰামী মহিলা সমাজকৰ্মী নাৰ্গিছ মহম্মদীক । ১৯৭২ চনৰ ২১ এপ্ৰিলত জন্মগ্ৰহণ কৰা নাৰ্গিছ মহম্মদীয়ে ইৰাণৰ মহিলা সকলৰ ওপৰত চলা উৎপীড়নৰ বিৰুদ্ধে মাত মাতি আহিছে  ।

ইৰাণত মহিলা সকলৰ ওপৰত চলি অহা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে নাৰ্গিছ মহম্মদীক ২০২৩ বৰ্ষৰ  শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়। নাৰ্গিছীয়ে মানৱ অধিকাৰ আৰু স্বাধীনতাৰ হকে  যুঁজ দি আহিছে। 

নাৰ্গিছ মহম্মদীয়ে সাহসী সংগ্ৰামৰ বাবে যথেষ্ট মূল্য পৰিশোধ কৰিব লগা হৈছে। ইৰানী শাসকে নাৰ্গিছ মহম্মদীক  ১৩ বাৰ গ্ৰেপ্তাৰ কৰাৰ  লগতে ৫ বাৰ দোষী সাব্যস্ত কৰে । মুঠ ৩১ বছৰ কাৰাবাসত অতিবাহিত কৰাৰ লগতে ১৫৪ বাৰ  চাবুকৰ  কোব খোৱা মহম্মদী বৰ্তমানেও কাৰাগাৰতে আছে।

 পদাৰ্থ বিজ্ঞানৰ ছাত্ৰী মহম্মদীয়ে পঢ়াশুনা  শেষ কৰাৰ অন্তত এগৰাকীঅভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ  কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন বাতৰি কাকতত বহুকেইটা গুৰুত্বপূৰ্ণ  প্ৰবন্ধও লিখিছিল । ২০০৩ চনত তেহৰাণৰ ‘ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটচ চেণ্টাৰ’ত যোগদান কৰিছিল নাৰ্গিছ মহম্মদীয়ে । এই সংগঠনটো  আৰম্ভ কৰিছিল নোবেল বঁটা বিজয়ী শিৰিন এবাদীয়ে।

সমতা আৰু মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া নাৰ্গিছ মহম্মদীক ২০১১ চনত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰে। কাৰাগাৰত থকা কয়দী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰাৰ অভিযোগ আহিছিল মহম্মদীৰ বিৰুদ্ধে । এই ঘটনাৰ  বাবে  কাৰাবাস খাটিছিল নাৰ্গিছ মহম্মদীয়ে ।

অৱশ্যে মহম্মদীক দুবছৰৰ পাছত জামিনত মুক্তি দিয়া হয়। ইয়াৰ পাছতো, সমতাৰ বাবে যুঁজ অব্যাহত ৰাখিছিল নাৰ্গিছীয়ে । মৃত্যুদণ্ডৰ বিৰুদ্ধে আৰম্ভ কৰা এটা অভিযানত যোগদান কৰাৰ  বাবে, পুনৰ  ২০১৫ চনত  গ্ৰেপ্তাৰ কৰাৰ লগতে শাস্তিৰ পৰিমাণ বৃদ্ধি কৰে। তেতিয়াৰ পৰা  কাৰাগাৰত আছে নাৰ্গিছ মহম্মদী। 

নাৰ্গিছ মহম্মদীয়ে ৰাজনৈতিক বন্দীসকলৰ ওপৰত চলি অহা অত্যাচাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিছিল ।বিশেষকৈ মহিলা বন্দীসকলৰ ওপৰত চলা নিৰ্যাতন আৰু যৌন হিংসাৰ বিৰোধিতা কৰি আহিছিল । নাৰী,জীৱন আৰু স্বাধীনতাৰ হকে অহৰহ যুঁজ দি অহা এই গৰাকী সংগ্ৰামী মহিলাক নোবেল বঁটা সমিতিয়ে  ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰে ।

Leave A Reply

Your email address will not be published.