ISHAN NEWS – Always One Step Ahead of Time…

এজনৰ পিছত আনজন…. ১৫ গৰাকী সাংসদক শীতকালীন অধিৱেশনৰ পৰা নিলম্বন

0 148

দেশৰ নতুন সংসদ ভৱনত চলি আছে শীতকালীন অধিৱেশন। এই সময়ছোৱাত সংসদৰ নিয়ম উলংঘনৰ বাবে মুঠ ১৫ গৰাকী সাংসদক নিলম্বন কৰা হৈছে। এই সাংসদসকলৰ ভিতৰত ১৪ জন লোকসভাৰ আৰু ১ জন সাংসদ ৰাজ্যসভাৰ।

নিলম্বিত সাংসদসকলে শীতকালীন অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাত সংসদত উপস্থিত থাকিব নোৱাৰিব।

উল্লেখ্য যে, ১৩ ডিচেম্বৰ অৰ্থাত বুধবাৰে বুধবাৰে লোকসভাত দুজন ব্যক্তিয়ে বিজেপিৰ সাংসদৰ জৰিয়তে দৰ্শকৰ বিথিকাত বহাৰ সুযোগ পোৱাৰ পাছতে লোকসভাৰ মজিয়াত জপিয়াই হালধীয়া ৰঙৰ গেছ উৰুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।

ইয়াৰ পাছতে তেওঁলোক দুয়োজনক সাংসদসকলে কৰায়ত্ত কৰি নিৰাপত্তাৰক্ষীক গতাই দিয়াৰ বিপৰীতে সংসদ ভৱনৰ বাহিৰতো ৩ জনক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে ইউ এ পি এৰ অধীনত ৰুজু কৰা হৈছে কেইবাটাও গোচৰ।

উল্লেখ্য যে, সংসদ ভৱনৰ নিৰপত্তা বিষয়ক লৈ বৃহস্পতিবাৰে লোকসভা আৰু ৰাজ্যসভা উত্তপ্ত হৈ পৰে। বিৰোধী কংগ্ৰেছ, তৃণমূল কংগ্ৰছকে ধৰি অন্যান্য দলবোৰৰ সাংসদসকলে সংসদ ভৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে এইদৰে উত্তপ্ত কৰি তোলে।

এইদৰে উশৃংখল আচৰণ কৰাৰ বাবে সাংসদ কানিমোঝি কৰুণানিধি, মণিকাম ঠাকুৰ, পি আৰ নটৰাজন, ভি কে শ্ৰীকান্তম, বেনি বাহান, কে সুব্ৰমন্যম, এছ আৰ প্ৰতিবান, এছ ভেঙ্কটেশন, মহম্মদ জাভেদ, টি এন প্ৰথাপন, হিবি ইডেন, এছ জোথিমানী, ৰম্য হৰিদাস আৰু ডিন কুৰিয়াকোছ।

আনহাতে ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনকো উশৃংখল আচৰণৰ বাবে অধ্যক্ষ জগদীপ ধনখড়ে নিলম্বন কৰে।

Leave A Reply

Your email address will not be published.